হাগ্ৰামাই অহংকাৰ, দাম্ভিকতাৰে একনায়কত্ববাদী আচৰণ কৰিছেঃ উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিনত প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ পিতৃ অৰ্থাৎ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দেওবাৰে ৬৩ তম জন্মদিন। ২০০৬ চনৰে পৰা প্ৰতিবছৰে এবছুৱে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। এইবেলিও কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধীথলত এবছুৰ উদ্যোগত বডোফাৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰে। এবছুৰ সভাপতি প্ৰমোদ বড়োই ৰাতিপুৱা পতাকা উত্তোলন আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ দিৱস পালন কৰে এবছুৱে।

দোতমাৰ থুলুংগাপুৰীৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধীথলীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ছাত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতিয়ে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি নীতিবিহীন, আদৰ্শবিহীন ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। সাংবাদিকৰ এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োই কয় যে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছু আৰু তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিছে, সেয়া সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন। প্ৰকৃততে বিটিএডিৰ ৩২ লাখ লোকক প্ৰতিনিধিত্ব কৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহংকাৰ, দাম্ভিকতা আৰু একনায়ত্ববাদী মনোভাৱেৰে শাসন চলাব বিচৰাটো শুভ লক্ষণ নহয় বুলি মন্তব্যৰে ৰাজনীতি মানে কোনো নীতি নোহোৱা বিষয়বস্তু নহয় বুলিও মত প্ৰকাশ কৰি সকলোকে নীতি-আদৰ্শৰে ৰাজনীতি কৰিবলৈ আহ্বান জনাইছে।

বিজেপি, কংগ্ৰেছ বা অগপই মনেৰে নহয়, বৰং বাধ্যত পৰিহে হাগ্ৰামা মহিলাৰীক আঁকোৱালি লৈছে যদিও প্ৰশাসক হিচাপে হাগ্ৰামা মহিলাৰীয়ে নিজ আচৰণ সলনি কৰা ভাল বুলি মন্তব্যৰে অহংকাৰ, দাম্ভিকতাৰ বাবেই হাগ্ৰামাই প্ৰতিনিয়ত খঙ, দাদাগিৰি দেখুৱায় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। তদুপৰি প্ৰমোদ বড়োৱে নিৰ্বাচন বিষয়টো যিহেতু এবছুৰ সংবিধান প্ৰদত্ত সেয়েহে সমাগত লোকসভা নিৰ্বাচনত বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়োলেণ্ড, ভাল প্ৰশাসন, শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰা আৰু বিভিন্ন সমস্যা সমাধান কৰা লক্ষ্যৰে ইউ পি পি এল দলক সমৰ্থন আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।

কোকৰাঝাৰ দোতমা থুলুংগাপুৰীত দিনজোৰা কাৰ্যসূচীৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিন উদযাপন অনুষ্ঠানত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই বডোফাৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিৱেদন কৰে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিহেতু ৰাজনীতিৰ উৰ্ধত সেয়েহে সমাধীথলীৰ পৰা ৰাজনৈতিক বক্তব্য ৰখাটো উচিত নহব বুলি মন্তব্য কৰে যদিও সাংবাদিকৰ নেৰানেপেৰা প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে। মহিলাৰীয়ে কোৱাৰ দৰে বড়োলেণ্ড সপোন যদি ভুৱা তেনেহলে পৃথক বড়োলেণ্ডৰ দাবীৰে আন্দোলন কৰা বিএলটিৰ আন্দোলনো ভুৱা আছিল নেকি বুলি হাগ্ৰামা মহিলাৰীৰ প্ৰতি ওলোটাই শেল নিক্ষেপ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধীথলীৰ উন্নয়ণাৰ্থে বিটিচি চৰকাৰে কোনো আঁচনি নোলোৱাৰ লগতে বডোফাৰ নামত কোনোধৰণৰ জনকল্যাণমুলক আঁচনিও চৰকাৰে গ্ৰহণ নকৰাত উৰ্খাও গৌৰা ব্ৰহ্মই খেদ প্ৰকাশ কৰে।

ধনবল, বাহুবলৰ সলনি নীতি আদৰ্শৰ ৰাজনীতি কৰিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে উৰ্খাও গৌৰা ব্ৰহ্মই। উল্লেখ্য যে, কোকৰাঝাৰ দোতমা বৰাগাড়ী গাঁৱত ১৯৫৬ চনৰ ৩১ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে এটি দুখীয়া পৰিয়ালত জন্ম লাভ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জাতিৰ পৰিচয়, সংস্কৃতি, ভাষা, ভূমি অধিকাৰ ৰক্ষা কৰিবলৈ তথা পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ দাবীৰে ১৯৮৭ চনৰ পৰা সংগ্ৰাম আৰম্ভ কৰিছিল।

১৯৬৩ চনতে দোতমাতে শিক্ষাজীৱনৰ পাতনি মেলি পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী কটন মহাবিদ্যালয়লৈকে শিক্ষাগ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৮৬ চনত এবছুৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে বডোলেণ্ড ৰাজ্য গঠনৰ সংগ্ৰাম তীব্ৰতৰ কৰি তুলিছিল। দেওবাৰে দোতমাৰ থুলুংগাপুৰীত অনুষ্ঠিত হোৱা বডোফাৰ জন্ম দিৱস তথা ছাত্র দিৱস উদযাপন অনুষ্ঠানত ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী, বডোফা ইউএনবি ট্ৰাষ্টৰ সভাপতি ডঃ ছুবুং মুছাহাৰী, জিলা এবছুৰ নেৰ্তৃবৰ্গকে ধৰি বহুসংখ্যক ছাত্র ছাত্ৰীয়েও অংশগ্ৰহণ কৰি অনুষ্ঠানি জীপাল কৰি তোলে।

The post হাগ্ৰামাই অহংকাৰ, দাম্ভিকতাৰে একনায়কত্ববাদী আচৰণ কৰিছেঃ উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিনত প্ৰমোদ বড়ো appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CNyBLV
via IFTTT

Comments