১,১৭,০০০ ৰন্ধন কৰ্মীক কৰ্মহীন কৰি পোন্ধৰটা এন জি অ’ক মধ্যাহ্ন ভোজনৰ ঠিকা

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বশিক্ষাত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, ৩০ মাৰ্চ ঃ
মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ হোৱাৰ পৰা দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানসমূহত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ এসাঁজ ৰান্ধি দি নিজৰ পেট পুহি থকা ৰাজ্যৰ ১,১৭,০০০ ৰন্ধন কৰ্মীৰ জীৱন অন্ধকাৰলৈ ঠেলি দি শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণৰ দায়িত্ব পোন্ধৰটা বেচৰকাৰী সংস্থাক অৰ্পণ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি ৰাজ্য চৰকাৰে অহা ১ এপ্ৰিলৰ পৰা পোন্ধৰটাকৈ এনজিঅ’ক এই দায়িত্ব প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে কাহিলিপাৰাত শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আকাশ-বতাহ কঁপাই তোলে। প্ৰতিবাদৰ অন্তত সৰ্বশিক্ষাৰ সঞ্চালকক এক স্মাৰক-পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্য চৰকাৰে যোৱা ২৪ ডিচেম্বৰত এক চৰকাৰী জাননী অনুসৰি বিদ্যালয়বোৰত মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণৰ দায়িত্ব পোন্ধৰটাকৈ অনা-চৰকাৰী সংস্থাক অৰ্পণ কৰি উক্ত কাৰ্য অহা ১ এপ্ৰিলৰ পৰা বলৱৎ কৰাৰ নিৰ্দেশ দিয়ে। তেনে অৱস্থাত মধ্যাহ্ন ভোজন আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১,১৭,০০০ ৰন্ধন কৰ্মীয়ে সামান্য মাননিৰ বাবদ নিজৰ পৰিয়ালক পোহপাল দি আছে। এই দৰিদ্ৰ ৰন্ধন কৰ্মীসকলৰ ৯৭ শতাংশ মহিলা আৰু তাৰো বুজনসংখ্যক বিধৱা আৰু আবিয়ৈ, তেনেস্থলত চৰকাৰৰ এই সিদ্ধান্ত এইসকল ৰন্ধন কৰ্মীৰ স্বাৰ্থৰ পৰিপন্থী।

এইসকল কৰ্মীয়ে মাহেকত ১,০০০ টকাকৈ বছৰত ১০ মাহ কাম কৰি আহিছে। যি সময়ত দেশৰ অন্যান্য কিছুমান ৰাজ্য চৰকাৰে ৰন্ধন কৰ্মীসকলক নিজাববীয়াকৈ বছৰটোৰ বাৰ মাহৰ বাবেই মাননি বৰ্ধিত মাননি, প্ৰসূতিকালীন ছুটী, চাৰি লাখ টকাকৈ বীমাৰ সুবিধা, বছৰটোত দুযোৰকৈ কাপোৰ, উৎসৱ ভাত্তা দি আহিছে। তেনে সময়ত অসমৰ বিজেপি চৰকাৰখনে ৰন্ধন কৰ্মীসকলক সামান্য পৰিমাণৰ মাননিৰ কামটোৰ পৰাও বঞ্চিত কৰিবলৈ ওলোৱাটো পৰিতাপৰ কথা। বেচৰকাৰী সংস্থাক এই দায়িত্ব অৰ্পণ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে পুষ্টিকৰ খাদ্য লাভ নকৰিব বুলি অভিযোগ উত্থাপন কৰি সন্থাটোৱে কয় যে বেচৰকাৰী সংস্থা বা কোনো ব্যৱসায় সংস্থাক এই দায়িত্ব অৰ্পণ কৰিলে কেন্দ্ৰীয়ভাৱে পুৱতি নিশাতে খাদ্য প্ৰস্তুত কৰি বিদ্যালয়সমূহত দুপৰীয়া বিতৰণ কৰিব। ফলত শিশুসকল সতেজ খাদ্যৰ পৰা বঞ্চিত হ’ব। অতিশীঘ্ৰে এই হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অধিক প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি আজি হুংকাৰ প্ৰদান কৰে সভানেত্ৰী লীলা শইকীয়া আৰু সাধাৰণ সম্পাদিকা চিত্ৰা ৰাজবংশীয়ে।

The post ১,১৭,০০০ ৰন্ধন কৰ্মীক কৰ্মহীন কৰি পোন্ধৰটা এন জি অ’ক মধ্যাহ্ন ভোজনৰ ঠিকা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2U93lle
via IFTTT

Comments