‘ময়ো চকীদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ ‘ময়ো নিবনুৱা’ অভিযান…

ডিজিটেল ডেস্কঃ ‘ময়ো চকীদাৰ’ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিয়ে আৰম্ভ কৰিছিল ‘ময়ো চকীদাৰ’ শীৰ্ষক এক শ্ল’গান। নামৰ আগত এই অভিধা দেশবাসীক লিখিবলৈ কৈ দলটোৰ প্ৰতি সমৰ্থন জনাবলৈ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল কেইবা লক্ষাধিক লোকে। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই ছ’চিয়েল মিডিয়াত নামৰ আগত ‘ময়ো চকীদাৰ’ ব্যৱহাৰ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মী সকলোৱে লিখিছিল ‘ময়ো চকীদাৰ’। মোডীৰ এই ‘চকীদাৰ’ শীৰ্ষক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা আহ্বানৰ প্ৰতি কংগ্ৰেছে আৰম্ভ কৰিছে আন এক প্ৰতিআহ্বান। ‘চকীদাৰেই চোৰ’ শ্ল’গানেৰে মোডীক আক্ৰমণ কৰাৰ পাছত যুৱ কংগ্ৰেছে আৰম্ভ কৰিছে ‘ময়ো নিবনুৱা’ শীৰ্ষক এক অভিযান।

শাসনলৈ অহাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ চলাই দেশত কেইবা কোটি চাকৰি সৃষ্টি কৰিব বুলি প্ৰচাৰ চলাই পূৰ্বতে থকা চাকৰিসমূহো বিমুদ্ৰাকৰণ বা আন প্ৰক্ৰিয়াৰে বিলুপ্ত কৰাৰ পাছত লাখ লাখ কৰ্মৰত যুৱকো নিবনুৱা হৈ পৰিছিল। তাৰপাছত যুৱ কংগ্ৰেছে আৰম্ভ কৰা ‘ময়ো নিবনুৱা’ শীৰ্ষক এই অভিযানে এতিয়া দেশৰ যুৱ প্ৰজন্মক বিশেষভাৱে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।

পূৰ্বতে ‘ময়ো চকীদাৰ’ লিখা বহু যুৱকে এতিয়া নতুনকৈ ‘ময়ো নিবনুৱা’ লিখি বিজেপিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অৱশ্যে এতিয়াও ‘ময়ো চকীদাৰ’ লিখা লোকৰ সংখ্যাৰ তুলনাত ‘ময়ো নিবনুৱা’ অভিধা নামৰ আগত ব্যৱহাৰ কৰা লোকৰ সংখ্যা বহু কম। কংগ্ৰেছ নেতৃত্বই আশা কৰিছে- ‘ময়ো চকীদাৰ’ শীৰ্ষক বিজেপিৰ এই অভিযানতকৈ ছ’চিয়েল মিডিয়াত ‘ময়ো নিবনুৱা’ অভিযানে ব্যাপক চৰ্চা লাভ কৰিব।

The post ‘ময়ো চকীদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ ‘ময়ো নিবনুৱা’ অভিযান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FL8ea2
via IFTTT

Comments