5G সুবিধা থকা প্রথমখন জিলা! 4Gত কৈ ১০০ গুণ অধিক ডাউনলোড স্পীড…

ডিজিটেল ডেস্কঃ পৃথিৱীৰ প্ৰথমখন ৫জি (5G)ৰ সুবিধা থকা জিলা হিচাপে পৰিগণিত হ’ল চীনৰ ছাংঘাইক। এই দাবী কৰিছে খোদ চীনে। শনিবাৰে চীনে দাবী কৰে যে ছাংঘাইত তেওঁলোকে ৫ জিৰ সুবিধা প্ৰদান কৰিছে। উল্লেখ্য যে, ৪জিতকৈ ১০ৰ পৰা ১০০ গুণ কম সময়ত ৫ জিত যিকোনো বস্তু ডাউনলোড কৰিব পাৰি।

৫জিৰ ক্ষেত্ৰত চীনে আমেৰিকা তথা সমগ্ৰ বিশ্বতকৈ আগত থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছে। চীন চৰকাৰৰ এখন বাতৰি কাকত প্ৰকাশিত বাতৰি অনুসৰি, সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম ৫ জি কভাৰেজ আৰু ব্ৰডবেণ্ড গিগাবিট নেটৱৰ্ক থকা প্ৰথমখন জিলা হিচাপে ছাংঘাইক দাবী কৰিছে।

ইফালে, ৫ জি নেটৱৰ্কৰ পৰীক্ষাৰ বাবে চীন চৰকাৰৰ দূৰসঞ্চাৰ কোম্পানী চাইনা ম’বাইলে সমৰ্থন জনাইছিল। ৫ জিৰ পৰীক্ষামূলক ব্যৱহাৰ সফলতাৰে সম্পন্ন কৰিবলৈ ছাংঘাইত যোৱা ৩ মাহ ধৰি ৫জি ষ্টেচন স্থাপন কৰি ৰখা হৈছে। চাইনা ডেলীয়ে কয় যে, ছাংঘাইৰ ভাইচ-মেয়ৰ বু কুৱিঙে প্ৰথমবাৰৰ বাবে ৫ জি ব্যৱহাৰ কৰিব পৰা ম’বাইল ফোন ‘হুৱাই মেট এক্স’ৰ পৰা ৫ জি ভিডিঅ’ কল কৰিছে।

আনহাতে, সকলো পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত গ্ৰাহকে ছিমকাৰ্ড সলনি নকৰাকৈয়ে ৫জিৰ সুবিধা লাভ কৰিব। ৫জিৰ নেট ব্ৰাউজিং স্পীডৰ অনুমান ইয়াতেই কৰিব পাৰি যে- যিবোৰ ফিল্ম ডাউনলোড কৰিবলৈ পূৰ্বে ১০-২০মিনিট সময়ৰ প্ৰয়োজন হৈছিল, সেইবোৰ এতিয়া ১-২ মিনিটতে ডাউনলোড কৰিব পাৰিব।

The post 5G সুবিধা থকা প্রথমখন জিলা! 4Gত কৈ ১০০ গুণ অধিক ডাউনলোড স্পীড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TFQh1K
via IFTTT

Comments