ধুবুৰীৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাক বদলি

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাৰে সন্মানীত ধুবুৰীৰ প্ৰথমজন বিষয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাক ধুবুৰীলৈ বদলি কৰাৰ বাবে ধুবুৰী জিলাৰ ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াই তীব্ৰতা লাভ কৰাৰ সময়তে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ২৯ মাৰ্চৰ আবেলি নৱনিযুক্ত সহকাৰী আয়ুক্ত পাৰ্থপ্ৰতীম বৰ্মনৰ হাতত দায়িত্ব অৰ্পন কৰে বিকাশ শৰ্মাই। উল্লেখ্য যে, নিৰ্বাচনী বিধি অনুসৰি কাৰ্যকাল ৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে শৰ্মাক বদলি কৰা হৈছিল যদিও তেওঁৰ স্থানত বিভাগীয় কোনো বিষয়া নিযুক্তি নিদিয়াত উপায়ুক্তই এৰি দিব বিচৰা নাছিল বিষয়াজনক।

নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পিছত ভোটগ্ৰহনলৈ মাত্ৰ ৩ সপ্তাহতকৈ কম সময় থকা অৱস্থাত হোৱা এনে বদলিয়ে প্ৰশাসনৰ লগতে সাংবাদিক সকলকো সমস্যাত পেলাব বুলি আশংকা কৰা হৈছে। শৰ্মাই ধুবুৰী জিলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ বাবে নিৰ্মাণ কৰা ছুটি তথ্যচিত্ৰৰ বাবে কৰ্মশ্ৰী বঁটা লাভ কৰিছিল। ইফালে ইয়াৰ লগতে ধুবুৰীৰ ৰাইজৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বিষয়াজনে বিভিন্ন গঠনমূলক কাৰ্যৰ দ্বাৰা সমাজৰ হিতৰ বাবে চিন্তা কৰি আহিছে।

বিষয়াজনক বদলি কৰাৰ বাবে ধুবুৰীৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যাৰ বাবে বিগত ৩ দিন দৰি বিভিন্ন সংস্থা তথা লোকে তেওঁক সম্ভাষন জনোৱা পৰিলক্ষিত হৈছে। তাৰ ভিতৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, সাংবাদিক সুৰক্ষা মঞ্চ, ধুবুৰী কালিবাৰী ন্যাস, চেতনা-সামাজিক সংগঠন, পতঞ্জলী যোগ সমিতি, লায়ন্স ক্লাৱ, ধুবুৰী জিলা প্ৰশাসন, জনসংযোগ বিভাগৰ বিষয়া কৰ্মচাৰী আদি অন্যতম। উল্লেখ্য যে, ২ এপ্ৰিলত বিষয়াজনে নতুন কৰ্মস্থলীত দায়িত্ব গ্ৰহন কৰিব বুলি জানিবলৈ পোৱা গৈছে।

The post ধুবুৰীৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাক বদলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UmN8bs
via IFTTT

Comments