পদুলিত বহাগ, ঢোল-পেঁপা বিচাৰি প্ৰতিষ্ঠানত গ্ৰাহকৰ ভিৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পদুলিমুখত হেঁপাহৰ ৰঙালী বিহুটি। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি। অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে ৰঙালীৰ প্ৰস্তুতিত কিছু বাধা আহিছে যদিও ইয়াৰ মাজতো কিন্তু বেছিভাগেই হেঁপাহৰ বিহুতিৰ বাবে নিজৰ খোৱা বোৱা পাহৰি গৈছে। কাৰণ অসমীয়াৰ আপোন এই বিহুটোৱেই বহুতৰ বাবে আশাৰ বতৰা আনে। এনে সীমাহীন ব্যস্ততাৰ পৰিৱেশ এতিয়া দেখা গৈছে বাদ্যযন্ত্ৰৰ প্ৰতিষ্ঠান সমূহত। কাৰণ বহাগ মানেই ঢোল পেঁপাৰ আদৰ।

ঢকুৱাখনাৰ এনে এখন প্ৰতিষ্ঠান হল কৃষ্ণমণি বাদ্যযন্ত্ৰ স্তৰ। ১৯৭০ চনতেই প্ৰতিষ্ঠা হোৱা ঢকুৱাখনাৰ একমাত্ৰ ঢোল খোল প্রস্তুত কৰা প্ৰতিষ্ঠান খনত এতিয়া গ্ৰাহকৰ বিৰ দি বাট নোপোৱা অৱস্থা। কাৰণ উজনি অসমৰ ঢকুৱাখনা বিহুৰ বাবে বিখ্যাত। কণমানি শিশুৰ পৰা বৃদ্ধলৈকে ঢকুৱাখনাত সকলো বিহুক লৈ বলিয়া। এইসকল বিহুৱা ঢুলীয়াক প্ৰয়োজনীয় ঢোল সমূহ যোগান ধৰিবৰ বাবেই এতিয়া ফাগুন মাহৰ শেষৰ পৰাই প্ৰতিস্থান খনৰ কাৰিকৰ সকলৰ একপ্ৰকাৰ শুৱন-খাৱন নোহোৱা হৈছে। প্ৰতিস্থান খনৰ মালিক কৃষ্ণ দাসে জনোৱা মতে ঢোল প্ৰস্তুত কৰিবলৈ অতি প্ৰয়োজনীয় কঁঠাল কাঠৰ খোলা, চামৰা তথা অন্যান্য সামগ্ৰীৰ অভাৱ আৰু অতিপাত দাম বৃদ্ধিৰ বাবে বৰ্তমান ঢোলৰ বিক্ৰী মূল্য বহুত বাঢ়ি গৈছে।

জানিব পৰা মতে কিছু বছৰ পূৰ্বে পাঁচশ টকাৰ পৰা এক হাজাৰ বা পোন্ধৰশ টকাত বিক্ৰী কৰা এটা ঢোল এতিয়া বিক্ৰী হৈছে বহু হাজাৰ টকাকৈ। বিশেষকৈ এটা সম্পূৰ্ণ ওজা ঢোল বিক্ৰী হৈছে ৫ ৰ পৰা ৭ হাজাৰ টকা দৰত। অন্যান্য ঢোল সমূহ বিক্ৰী হৈছে ১ ৰ পৰা ৩ হাজাৰ টকা দৰত। আনহাতে পুৰণি খোলা দি ঢোল চোৱাব দিলে প্ৰতিষ্ঠানখনে বৰ্তমান গ্ৰাহকৰ পৰা লৈছে ৭শ ৰ পৰা ৩ হাজাৰ টকা। আনহাতে ঢকুৱাখনাৰ আন এখন প্ৰতিষ্ঠান বনলতাতো গ্ৰাহকক বিক্ৰীৰ বাবে ৰাখিছে ঢোল পেঁপাৰ লগতে বিহুৰ অন্যান্য সামগ্ৰী। এফালে নিৰ্বাচনী বতাহ আৰু তাৰ মাজতে হেঁপাহৰ ৰঙালীক আদৰৰ প্ৰাকক্ষণত এই দুয়োখন প্ৰতিষ্ঠানত এতিয়া এইদৰেই গ্ৰাহকৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে।।

The post পদুলিত বহাগ, ঢোল-পেঁপা বিচাৰি প্ৰতিষ্ঠানত গ্ৰাহকৰ ভিৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FDeK2H
via IFTTT

Comments