৫ এপ্ৰিলত ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব মমতাই

ডিজিটেল সংবাদ, ধুবুৰীঃ অহা ৫ মাৰ্চৰ দিনা অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব তৃণমূল কংগ্ৰেছ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ পাঁচ এপ্ৰিলৰ দুপৰীয়া ১.৩০ বজাত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ ইণ্ড’ৰ ষ্টেডিয়ামৰ খেলপথাৰত এক বিশাল জনসভাত তৃণমূল নেত্ৰীগৰাকীয়ে ভাগ ল’ব বুলি জনায় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এন আই চৌধুৰীয়ে।

লগতে তেওঁ কয় যে, মমতাই সভা অনুষ্ঠিত কৰিলে বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ভেটি কঁপিব। আনকি ৰাইজে মমতাৰ সভাৰ বাবে অপেক্ষা কৰিছে বুলিও উল্লেখ কৰে চৌধুৰীয়ে। উল্লেখ্য যে, এইবেলি ৪ নং ধুবুৰী লোকসভা সমষ্টিত ত্ৰিকুণীয়া যুজঁ হোৱাৰ সম্ভাৱনা কৰা হৈছে।

The post ৫ এপ্ৰিলত ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব মমতাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HZKim9
via IFTTT

Comments