ধাৰাষাৰ বৰষুণ, সোণাৰি নগৰত কৃত্ৰিম বান

ডিজিটেল সংবাদ, সোণাৰিঃ দেওবাৰে পুৱাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত সোণাৰি নগৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বানে নগৰখনৰ মূল পথৰ উপৰিও কেইবাটাও অঞ্চল বুৰাই পেলাইছে। যাৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন।

উল্লখ্য যে সোণাৰি পৌৰসভাৰ অকমণ্যতা, ভূল নীতি আৰু অদূৰদৰ্শীতাৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই। পৌৰসভাই নগৰখনৰ নলা-নৰ্দমাসমূহ খৰালিৰ সময়ত চাফা নকৰাৰ ফলতেই এজাক বৰষুণতে নগৰখন কৃত্ৰিম বানত ডুব গ’ল।

নগৰখনৰ নলা-নৰ্দমাসমূহ বিগত বহু দিন পৌৰসভাই পৰিস্কাৰ নকৰাৰ ফলত নলাসমূহ আধাতকৈ বেছি পোত যোৱাৰ বাবেই পানীৰ বহনক্ষমতা কমি অহাৰ বাবেই এজাক বৰষুণতে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হবলৈ ধৰিছে। ইফালে পুৱাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত সোণাৰি নগৰৰ উপকণ্ঠ অঞ্চল সমূহৰ জনজীৱনো স্তব্ধ হৈ পৰিছে।

The post ধাৰাষাৰ বৰষুণ, সোণাৰি নগৰত কৃত্ৰিম বান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FGHjwg
via IFTTT

Comments