মঙ্গলদৈ লোকসভা সমষ্টি দখলৰ বাবে ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা

ডিজিটেল সংবাদ, ওদালগুৰিঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে এইবাৰ ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিটো দখলৰ বাবে নিজৰ শেষ চেষ্টা অব্যাহত ৰাখিব। বিগত ১৫ বছৰে বিজেপিৰ দখলত থকা লোকসভা সমষ্টিটো বিজেপিয়ে পুনৰ নিজৰ দখলত ৰখাৰ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছ দলটোৱেও এইবাৰ লোকসভা সমষ্টিটো উদ্ধাৰৰ চেষ্টা চলাইছে। ২০০৪ চনত নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে প্ৰথমে বিজেপি দলৰ হৈ সমষ্টিটো দখল কৰিবলৈ সক্ষম হোৱাৰ পৰৱৰ্তী সময়ত ২০০৯ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত একেৰাহে দুবাৰকৈ জয়ী হৈছিল বিজেপি দলৰ হৈ সাংসদ ৰমেন ডেকাই।
ডেকাই তৃতীয়বাৰৰ বাবে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি জয়ৰ হেট্ৰিক কৰাৰ আশা প্ৰকাশ কৰিছিল যদিও শেষ মূহুৰ্তত নতুন মুখৰ সন্ধান বিচাৰি বিজেপি দলে সমষ্টিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে দিলীপ শইকীয়াক। উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত মাত্ৰ ২২,৮৮৪ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী কিৰীপ চলিহাক হৰুৱাই সংসদলৈ নিৰ্বাচিত হৈছিল বিজেপি দলৰ প্ৰাৰ্থী ৰমেন ডেকা। কিন্তু এইবেলি কোনো এটা দলৰ বাবে জয় সহজসাধ্য নহব। কিয়নো বিগত লোকসভা নিৰ্বাচনত বড়ো সমস্যা সমাধানৰ আশ্বাস দিয়া বিজেপি দলৰ প্ৰাৰ্থী ৰমেন ডেকাক এবছুসহ বিভিন্ন বড়ো সংগঠনে সমৰ্থন দিছিল যদিও এইবাৰৰ পৰিৱেশ সম্পূৰ্ণ বিপৰীত।
বিজেপি চৰকাৰখনে বিগত দিনবোৰত বড়ো জাতিটোক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমসহ কেইবাটাও বড়ো সংগঠনে কোকৰাঝাৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিত ইউপিপিএল নামৰ আঞ্চলিক ৰাজনৈতিক দলটোক মুকলিভাৱে সমৰ্থন জনাইছে। মঙ্গলদৈ লোকসভা সমষ্টিত ইউপিপিএল দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে প্ৰদীপ কুমাৰ দৈমাৰীক। দৈমাৰী হ’ল বহুতো বড়ো অনুষ্ঠানৰ লগত জড়িত এজন লোক। ফলত যদিও সমষ্টিটোত বিপিএফে বিজেপিক সমৰ্থন জনাইছে তৎসত্বেও এইবেলি বড়োভোটসমূহ বিভাজন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।
আনপিনে ৮নং মঙ্গলদৈ লোকসভা সমষ্টিটোত আছে প্ৰায় পাঁচ লক্ষাধিক সংখ্যালঘু ভোটাৰ। যিহেতু সমষ্টিটোত এইবাৰ এআইইউডিএফ দলে কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, সেয়েহে সমষ্টিটোত সংখ্যালঘু ভোটাৰে এক নিৰ্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ মঙ্গলদৈ লোকসভা সমষ্টিত বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতা, ইউপিপিএলৰ প্ৰদীপ কুমাৰ দৈমাৰীসহ মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ণ পত্ৰ বৈধ হয়। লোকসভা সমষ্টিটোত কংগ্ৰেছৰ তুলনাত বিজেপিৰ প্ৰচাৰ অভিযান আগবাঢ়ি আছে যদিও ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়েও গাঁৱৰ ভিতৰুৱা অঞ্চলসমুহত প্ৰচাৰ অভিযান চলোৱাৰ কথা জানিব পৰা গৈছে।
যুৱ ভোটাৰসকলক মূল অস্ত্ৰ হিচাপে লৈ আগবঢ়া বিজেপিক বহু পৰিমাণে পিছলৈ ঠেলি দিব ভূৱনেশ্বৰ কলিতাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতিয়ে। ইফালে কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন মিত্ৰতা সন্দৰ্ভত বিয়পি পৰা খবৰটো যদিহে সত্য প্ৰমাণিত হয় তেন্তে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীজনৰ জয়ী সহজলভ্য হৈ পৰিব। কিয়নো ১৫ লক্ষাধিক ভোটাৰেৰে আৱৰি থকা লোকসভা সমষ্টিটোত জয়ীৰ সীমা যদি ৬ লাখ বুলি ধৰি লও, আৰু পাঁচ লক্ষাধিক সংখ্যালঘু ভোটাৰৰ ভিতৰত তিনি লক্ষাধিক ভোটাৰেই যদি কোনো দলত ভোটদান কৰে। তেন্তে সেই দলটোৰ জয়ৰ লক্ষ্যত উপনীত হোৱাত সহজ হৈ পৰিব। এই ফলাফল আগন্তুক ভোটগণনাৰ দিনাহে গম পোৱা যাব যদিও ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দীতা কৰিবলগীয়া মঙ্গলদৈ লোকসভা সমষ্টিৰ যুজখন বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতা আৰু ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীৰ মাজত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
The post মঙ্গলদৈ লোকসভা সমষ্টি দখলৰ বাবে ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OyLMFe
via IFTTT
Comments
Post a Comment