ধূলা টাঙেনীত পাঁচটা মন্দিৰত দুৰ্বৃত্তৰ লুট

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ চহৰৰ নিকটৱৰ্ত্তী ধূলা টঙেনীত শুকুৰবাৰে কোনো অচিনাক্ত দুৰ্বৃত্তই পাঁচটাকৈ মন্দিৰ ভাঙি মন্দিৰত থকা সোণৰ আ-অলংকাৰ আৰু দানপাত্ৰত থকা টকা পইচা লুট কৰি লৈ যায়৷ ইতিমধ্যে পুলিচে তদন্ত আৰম্ভ কৰিছে আৰু এজনক আটক কৰি ধূলা থানালৈ লৈ আহিছে৷

এই ঘটনাৰ লগত আৰু আন ব্যক্তি জৰিত থকাৰ সন্দেহত তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিছে লোকজনক। আৰক্ষীয়ে জনোৱা মতে শীঘ্ৰেই সকলোবোৰ তথ্য পোহৰলৈ। অঞ্চলটোৰ লোকসকলে সম্পত্তিৰ নিৰাপত্তা সুনিশ্চত কৰিবলৈ দাবী জনাইছে৷

The post ধূলা টাঙেনীত পাঁচটা মন্দিৰত দুৰ্বৃত্তৰ লুট appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CLtYlo
via IFTTT

Comments