বিৰিয়ানী খাবলৈ পাকিস্তানলৈ গৈছিল মোডীঃ প্ৰিয়ংকা….

ডিজিটেল ডেস্কঃ নিৰ্বাচন চমু চপাৰ লগে লগে ৰাজনৈতিক নেতা সমূহে ভাষণৰ জৰিয়তে এজনে আনজনৰ ওপৰত যথেষ্ট আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনাৰে থকা-সৰকা কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন জনসভাত কংগ্ৰেছ লোকসভা নিৰ্বাচনত জয়ী হ’লে পাকিস্তানৰ নাগৰিকসকল সুখী হ’ব বুলি দিয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰিয়ংকাই। মোডীক উদ্দেশ্যি প্ৰিয়ংকাই কয়- ‘ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ওচৰলৈ মোডী বিৰিয়ানী খাবলৈ গৈছিল নেকি?’ উল্লেখ্য যে, ২০১৫ চনত পাকিস্তানৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ জন্মদিনৰ শুভেচ্ছা যাচিবলৈ পূৰ্বৰ কোনো কাৰ্যসূচী নথকাকৈয়ে পাকিস্তানৰ লাহোৰত উপস্থিত হৈছিলগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
ইয়াৰ পূৰ্বেও শুকুৰবাৰে ফেজাবাদত প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কৈছিল- মোডীয়ে কেৱল ধনৱন্ত লোকসকলক সাক্ষাৎ কৰে।’ লগতে প্ৰিয়ংকাই বিজেপি চৰকাৰে বিগত ৫ টা বছৰত দেশত কোনো ধৰণৰ উল্লেখ্যখনীয় কাম নকৰিলে বুলিও অভিযোগ উত্থাপন কৰে।
The post বিৰিয়ানী খাবলৈ পাকিস্তানলৈ গৈছিল মোডীঃ প্ৰিয়ংকা…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YyFqu6
via IFTTT
Comments
Post a Comment