তিনিচুকীয়াত আলফা স্বাধীনৰ দুজন কেডাৰৰ আত্মসমৰ্পণ…

ডিজিটেল সংবাদ, গোলাঘাটঃ তিনিচুকীয়াত আলফা স্বাধীনৰ দুজন কেডাৰৰ আত্মসমৰ্পণ ম্যানমাৰৰ চাগাইং দিভিজনৰ তা গাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আলফা (স্বাধীন)ত আত্মসমৰ্পণৰ ঢল পৰিলক্ষিত হৈছে। কেইদিনমান পূৰ্বে ৭ গৰাকীকৈ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণৰ পিছত পুনৰ আলফা স্বাধীনত মোক্ষম আঘাত হানি  দুজন আলফা সদস্যই দেওবাৰে তিনিচুকীয়া জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণ কৰা আলফা সদস্য দুজনক ক্ৰমে পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী মৰান গাওঁ‌ চুবুৰীৰ পোনাকণ চেতিয়া ওৰফে ৰজনী অসম (২৩) আৰু কাকপথাৰ থানাৰ অন্তৰ্গত বৰমাইথঙৰ জিণ্টু সোণোৱাল ওৰফে টুটুল অসম বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্যমতে পোনাকণ চেতিয়াই ২০১৫ চনত আৰু জিণ্টু সোণোৱালে ২০১৬ চনত আলফা স্বাধীনত যোগদান কৰিছিল। আত্মসমৰ্পণৰ সময়ত আলফা সদস্য দুজনে আৰক্ষীৰ ওচৰত এটা ৯ এম এম পিষ্টল, এ কে ৪৭ৰ ২৮ ৰাউণ্ড সক্ৰিয় গুলী, এম ১৬ ৰাইফলৰ ৯২ ৰাউণ্ড গুলী, ৯ এম এম পিষ্টলৰ ১১ ৰাউণ্ড গুলী আৰু এটা হেণ্ড গ্ৰেণেড জমা দিয়ে৷

The post তিনিচুকীয়াত আলফা স্বাধীনৰ দুজন কেডাৰৰ আত্মসমৰ্পণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OCaeWj
via IFTTT

Comments