নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বাহন দুর্ঘটনাগ্ৰস্ত

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ লংকা-লামডিং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে ১০ নং নগাঁও লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ দুখন বাহন দুর্ঘটনাগ্ৰস্ত হয়। মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ কনভয় আৰু সমৰ্থকৰ এখন বাহনৰ মাজত সংঘৰ্ষ হোৱাত দুঘটনাত পতিত হয়। বিজেপিৰ প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ লামডিঙলৈ গৈ থকাৰ সময়ত লামডিং বনাঞ্চলৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এখন গাড়ীয়ে আন এখন গাড়ীত খুন্দা মৰাত বাহন দুখন দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত চালক এজন সামান্য পৰিমানে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন হৈছে এএছ-০১বিভি-২১৮৮ নম্বৰৰ ফৰচুনাৰ আৰু এএছ০২-কীও-৬২৬৯ নম্বৰৰ বলেৰ’। অৱশ্যে দুর্ঘটনাগ্ৰস্ত বাহন দুখনৰ এখনটো বিজেপিৰ প্ৰাৰ্থী ৰুপক শৰ্মা নাছিল। আৰক্ষীয়ে দুর্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি থানাত লৈ যায় বুলি জানিব পৰা গৈছে।

The post নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বাহন দুর্ঘটনাগ্ৰস্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CIrIM4
via IFTTT

Comments