ঐ ৰাম, ৰাখী সাৱন্তৰ বিয়া হে…

ডিজিটেল ডেস্কঃ দেখাক দেখি গা উঠিছে ৰাখী সাৱন্তৰ । যি টি মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰা ৰাখী সাৱন্তেও আৰম্ভ কৰিব খুজিছে জীৱনৰ দ্বিতীয় ইংনিছ । ৰাখীৰ ভাবী স্বামীৰ নাম দীপক কালাল । ইনষ্টাগ্ৰামত ৰাখীয়ে বিয়াৰ নিমন্ত্ৰণী পত্ৰও চেয়াৰ কৰিছে। এই নিমন্ত্ৰণী পত্ৰত উল্লেখ থকা মতে ৩১ ডিচেম্বৰত ৰাখীৰ বিয়া ।
আমেৰিকাৰ লছ এঞ্জেলেছত পাতিব বিয়া ।ৰাখীৰ কথা পিছে বিশ্বাস কৰিব নোৱাৰি, সেয়েহে এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ সাংবাদিকে ৰাখীক যোগাযোগ কৰিছিল। এই খবৰ সচাঁ নেকি বুলি সোধাত ৰাখীয়ে কলে ‘ হয় মই বিয়াত বহা সিদ্ধান্ত লৈছো, ইণ্ডাষ্টীৰ সকলোৱে এতিয়া বিয়া পাতিছে,মোৰো বয়স হৈছে।’

লগতে ৰাখীয়ে জানিবলৈ দিয়ে এটা ৰাষ্ট্ৰীয় ছেনেলৰ ৰিয়েলিটি শ্ব ‘ ইণ্ডিয়াছ গড টেলেনছ’ত দীপকে বিয়াৰ প্ৰস্তাৱ দিছিল ৰাখীক ।ছচিয়েল মিডিয়াত নিজৰ কাম কাজৰ বাবে জনপ্ৰিয় দীপক। দশম শ্ৰেণী লৈকে পঢ়া দীপকৰ ভিডিঅ সমূহো যথেষ্ট চৰ্চিত । দীপকৰ সৈতে ৰাখীৰ এই বিয়াক লৈ এতিয়া সকলোৱে কৈছে- ৰাখীৰ বাবে দীপকতকৈ উপযুক্ত হবনো কোন ?
The post ঐ ৰাম, ৰাখী সাৱন্তৰ বিয়া হে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rdBak5
via IFTTT
Comments
Post a Comment