শীতকালৰ পাচলি মূলাৰ এই ক্ষমতাই আচৰিত কৰিব আপোনাকো…

ডিজিটেল ডেস্কঃ শীতকালৰ পাচলিসমূহৰ অন্যতম মূলা। এই পাচলিবিধ অধিকাংশ লোকৰে প্ৰিয়। কিছুমানে অৱশ্যে মূলা খাবলৈ বেয়া পায়। কিন্তু বতৰৰ এই পাচলিবিধৰ আছে অলেখ গুণ।

বৃক্কজনিত সমস্যাৰ পৰা আৰম্ভ কৰি মেদবহুলতালৈকে একাধিক ৰোগ নিৰাময় কৰিব পৰা গুণ আছে মূলাত। মূলাৰ ইমানবোৰ গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত নহৈ নোৱাৰিব। আহকচোন আজি মূলাৰ ১২বিধ গুণৰ বিষয়ে জানি থও।

১. লিভাৰ আৰু পাকস্থলীৰ বাবে অতি উপকাৰী মূলা। শৰীৰ শক্তিশালী বিষ নিৰাময়কাৰী হিচাপে কাম কৰে মূলাই। ৰক্ত বিশুদ্ধকৰণৰো কাম কৰে পাচলিবিধে। হালধীয়া জ্বৰৰ বাবেও ই ঔষধ। তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধিতো সহায় কৰে মূলাই।
২. মূলাই হজম শক্তি বৃদ্ধি কৰে। যিসকলৰ পাইলছৰ সমস্যা আছে সেইসকলে মূলা শীতৰ দিনকেইটাত নিয়মিত খাব লাগে। ইয়াত থকা কাৰ্বহাইড্ৰেট আৰু ফাইবাৰে পাইলছ নিৰাময়ত সহায় কৰে।
৩. যিসকলৰ মূত্ৰনলীৰ সমস্যা আছে সেইসকলে মূলা খাব লাগে। মূলা খালে শৰীৰত মূত্ৰৰ পৰিমাণ বাঢ়ে। মূলাৰ ৰসে মূত্ৰত্যাগৰ সময়ত মূত্ৰ নলীত অনুভৱ হোৱা বিষ নাইকিয়া কৰে।
৪. মূলাত থাকে প্ৰচুৰ পৰিমাণৰ পানী আৰু ফাইবাৰ। সেয়ে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে সেইসকলে মূলা খালে যথেষ্ট সুফল লাভ কৰিব পাৰিব।


৫. মূলাই মানুহৰ মানসিক উদ্বিগ্নতাও দবৰ কৰে। পাচলিবিধত থকা এন্থোছায়ানিনে ষ্ট্ৰেছ হ্ৰাসত সহায় কৰে।
৬. গৱেষকসকলে জানিব পাৰিছে যে কৰ্কট ৰোগত সৃষ্টিতো বাধা প্ৰদান কৰে মূলাত থকা ইছ’থিঅ’ছায়ানাইটিছে। সেয়ে কৰ্কট ৰোগৰ পৰা হাত সাৰি থাকিবলৈ মূলা পাৰ্যমানে খাব লাগে।
৭. শীতকালত বহুতে ছালৰ সমস্যাত ভোগে। মূলাত থকা পানীয়ে ত্বক স্বাভাৱিক কৰি ৰাখে।
৮. যিসকলৰ বৃক্কজনিত সমস্যা আছে সেইসকলৰ বাবে মূলা অত্যন্ত উপকাৰী। বৃক্কৰ পাত্থৰকে আদি কৰি প্ৰায় সকলো সমস্যা দূৰৰ কৰাৰ ক্ষমতা আছে এই পাচলিবিধৰ।
৯. মূলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চিয়ে একাধিক ৰোগ প্ৰতিৰোধত সহায় কৰে।
১০. মূলাত থকা বিলুৰুবিন, এনজাইম আদিয়ে লিভাৰ আৰু গলব্লাডাৰকো সুস্থ কৰি ৰাখে।
১১. ডিহাড্ৰেশ্যনত ভোগা ৰোগীসকলেও মূলা খালে ভাল ফল পাব পাৰে।
১২. শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময়তো সহায় কৰে মূলাই। গৱেষণাত দেখা গৈছে যে নিয়মিত মূলা খাদ্য তালিকাত ৰখা লোকসকলৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ আনসকলৰ তুলনাত যথেষ্ট কম।

The post শীতকালৰ পাচলি মূলাৰ এই ক্ষমতাই আচৰিত কৰিব আপোনাকো… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BDCpPQ
via IFTTT

Comments