বন্ধ হব মাৰুতি ছুজুকিৰ অল্ট’ ৮০০ !

ডিজিটেল ডেস্কঃ অচিৰেই বন্ধ হোৱাৰ সম্ভৱনা আছে মাৰুতি ছুজুকি ইণ্ডিয়াৰ জনপ্ৰিয় অল্ট’ ৮০০ ৰ নিৰ্মাণ । এটা সুত্ৰত প্ৰকাশ পোৱা অনুসৰি এই গাড়ীখন বন্ধ কৰাৰ মূলতে আছে দুটা কাৰণ। মাৰুতি অল্ট’ ৮০০ ৰ ঈঞ্জিনক ছুপ্ৰিম কৰ্টৰ দ্বাৰা নিৰ্দেশিত নতুন ইন্ধন নিৰ্গমণ নীতি অনুসৰি উন্নীত কৰা সম্ভৱ নহয় আৰি লগতে গাড়ীখনৰ বডিটোও কাৰ্যকৰী হ’বলগীয়া দুৰ্ঘটনা পৰীক্ষাৰ বাবে যোগ্য নোহোৱাত সম্ভৱত: বন্ধ হব এই জনপ্ৰিয় গাড়ীখনৰ নিৰ্মাণ ।

অহা ২০১৯ৰ দ্বিতীয় ভাগত অথবা তৃতীয়টো ত্ৰিমাসিক হিচাপৰ সময়চোৱাত বন্ধ হ’ব পাৰে অল্ট’ ৮০০ ৰ নিৰ্মাণ । উল্লেখ্য যে অহা ২০১৯ ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া দুৰ্ঘটনা পৰীক্ষাত উত্তীৰ্ণ হব পৰাকৈ প্ৰতিষ্ঠানটোৱে ইয়াৰ আটাইবোৰ গাড়ী মডেল উন্নীত কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে অল্ট’ ৮০০ ৰ নিৰ্মাণ বন্ধ কৰাক লৈ এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই মাৰুতি ছুজুকি ইণ্ডিয়াই।

The post বন্ধ হব মাৰুতি ছুজুকিৰ অল্ট’ ৮০০ ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AuMPzr
via IFTTT

Comments