ইভিএমত বন্দী মধ্য›প্ৰদেশ- মিজোৰামৰ প্ৰাৰ্থীৰ ভাগ্য
ঠায়ে ঠায়ে ইভিএম বিসংগতিৰ ঘটনা মধ্য ›প্ৰদেশৰ দহখন গাঁৱৰ ভোট বৰ্জন
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰঃ
মিজোৰাম আৰু মধ্য প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণভাৱে হয়। কংগ্ৰেছ শাসিত মিজোৰামত বিজেপিয়ে চৰকাৰ দখলৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে মিজো নেচনেল ফ্ৰেণ্ট হেৰুৱাৰ ক্ষমতা পুনৰ ওভতাই অনাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰে। আজি ৪০খন আসনত নিৰ্বাচন অনুষ্ঠিত হোৱা বিজেপি, মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ ভাগ্য আবদ্ধ হয়। উল্লেখ্য যে চলিত নিৰ্বাচনত মিজোৰামৰ ২০৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিকতা আগবঢ়াইছে। কংগ্ৰেছ এম এন এফ আৰু বিজেপিৰ উপৰি বহুতো নিৰ্দলীয় প্ৰাৰ্থী আৰু সৰু সৰু দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে যদিও মূল যঁুজ কংগ্ৰেছ, বিজেপি আৰু এম এন এফৰ মাজত হ’ব বুলি একাংশ জনতাই মত প্ৰকাশ কৰিছে। ৪০খন আসনৰ বিধানসভাৰ বাবে কংগ্ৰেছে আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বিপৰীতে বিজেপিয়ে ৩৯খন আসনত প্ৰতিন্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে প্ৰধান বিৰোধি দল মিজো নেচনেল ফ্ৰেণ্ট ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এম এন এফৰ মুৰববী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী জ’ৰামথাংগাই আইজল উত্তৰ-খ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি সমষ্টিৰ ৰামহুন ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে জ’ৰামথাংগাই। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া চি চি লালছুংকিনাই জানিবলৈ দিয়া অনুসৰি পুৱা ১০ বজালৈ প্ৰায় ২৫ শতাংশ ভোটদান সম্পূৰ্ণ হৈছিল। চলিত বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰ আছিল ৭.৬৮ লাখ। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও ঠাই বিশেষে ইভিএম বিসংগিতৰ বাতৰি পোৱা গৈছে। অৱশ্যে পৰিৱৰ্তী সময়ত কাৰিকৰী বিজুতিসমূহৰ দূৰ কৰা হয় উক্ত ভোটকেন্দ্ৰসমূহৰ। মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ইপিনে মধ্য প্ৰদেশতো আজি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। আজি প্ৰায় ৬০ শতাংশ ভোটাৰে নিজৰ পচন্দৰ প্ৰাৰ্থী ভোট সাব্যস্ত কৰে। লক্ষ্যণীয় যে মধ্যপ্ৰদেশৰ একাংশ অঞ্চল নক্সাল অধ্যুষিত হোৱাত ভোটপৰ্বত ব্যাঘাত জন্মাৰ আশংকা প্ৰকট হৈ উঠিছিল। অৱশ্যে ৰাজ্যখনৰ প্ৰায় শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হয় ভোটদান। ৰাজ্যখনৰ বাকী অঞ্চলত ভোটদান পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান অনুষ্ঠিত হয় যদিও মাওবাদী অধ্যুষিত বালাঘাট জিলাৰ লানজি, পাৰাছোৱাড়া আৰু বাইহাৰাত ভোটদানপৰ্ব পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হয়। ইপিনে অনগ্ৰসৰতা আৰু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি মধ্য প্ৰদেশৰ দহখন গাঁৱে আজি ভোটদানৰ পৰা বিৰত থাকে। জীয়াই থকাৰ মৌলিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি মাজেছেৰা, ভিচাৰপুৰা, ৰুপাৰেল, পাতপাৰা, টিকৰা মহেশ্বপুৰী, খালহে, পিল্লিয়াখাল, গোবিন্দগড়, আগৰ মালৱা আৰু মহেশ্বপুৰী চিৰাপানী গাঁৱৰ ৰাইজে ভোটাধিকাৰৰ পৰা বঞ্চিত থাকে। ইপিনে মধ্যপ্ৰদেশৰ কালাৰীয়া গাঁৱৰ সৰ্বাধিক ভোটদানৰ অভিলেখ স্থাপন কৰা হয়। গাঁওখনৰ ৫৭১জন ভোটাৰৰ ভিতৰত ৫৩৭জনে ভোটাধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনৰ গড় হিচাপত প্ৰায় ৬০ শতাংশ ভোটদান হয় যদিও নক্সাল অধ্যুষিত অঞ্চলসমূহত ভোটদানৰ হাৰ ৫০ শতাংশৰ তলত সম্পন্ন হয়। অহা ১১ ডিচেম্বৰত ৰাজ্যখনৰ ভেটগণনা অনুষ্ঠিত হ’ব।
মধ্য›প্ৰদেশ- :


মিজোৰাম :


The post ইভিএমত বন্দী মধ্য›প্ৰদেশ- মিজোৰামৰ প্ৰাৰ্থীৰ ভাগ্য appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2P7N7Bz
via IFTTT




Comments
Post a Comment