তৈলনগৰী শিৱসাগৰৰ চাৰি স্থানত চিবিআইৰ অভিযান অব্যাহত

ডিজিটেল সংবাদ, শিৱসাগৰঃ তৈলনগৰী শিৱসাগৰত পুৱাৰে পৰা ৩ কোটিপতি ব্যৱসায়ীৰ বাসভৱন তথা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গুৱাহাটীৰ পৰা অহা বৃহৎ চিবিআইৰ দলে আৰম্ভ কৰা অভিযান এতিয়াও অব্যাহত আছে। শিৱসাগৰ বাইপাছত থকা বাবুল দিহিঙীয়াক জেৰা কৰাৰ উপৰি তেওঁৰ বাসভৱন আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত তন্ন তন্নকৈ তালাচী চলোৱাৰ সমান্তৰালভাৱে চহৰখনৰ প্ৰখ্যাত ব্যৱসায়ী সঞ্জীৱ কাকতিৰ বাসভৱন আৰু তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্দীপ্ত এনাৰ্জিৰ উপৰিও ডালমিয়া চিমেণ্টৰ অনুমোদিত এজেণ্ট মনোজ আগৰৱালাৰ বাসভৱন আৰু ব্যাৱসায়িক প্ৰতিষ্ঠান দুৰ্গা হাৰ্ডৱেৰতো একে সময়তে তালাচী আৰু জেৰা অব্যাহত ৰখা হৈছে।

কেইবাটাও ভাগত বিভক্ত হৈ একেসময়ৰ পৰা আৰম্ভ কৰা এই অভিযানৰ সময়ত চিবিআইৰ দলটোৱে অ’এনজিচিৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীকো জেৰা অব্যাহত ৰাখিছে যদিও এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। প্ৰণিধানযোগ্য যে বাবুল দিহিঙীয়া আৰু দুৰ্গা হাৰ্ডৱেৰৰ লগতে উদ্দীপ্ত এনাৰ্জিতো চিবিআইৰ দলে অভিযান চলাই অ’এনজিচিত ব্যাপক হাৰত চলি থকা ৰসায়নিক সামগ্ৰীৰ চুৰি, লোহা চুৰিৰ লগতে ইয়াৰ যোগান সম্পৰ্কীয় বহু তথ্য-পাতি উদ্ধাৰ কৰিছিল। প্ৰায় একে সময়তে আয়কৰ বিভাগেও প্ৰতিষ্ঠানকেইটাত অভিযান চলাইছিল।

সেইসময়তে দুজনমানক গ্ৰেপ্তাৰ কৰি জেললৈও প্ৰেৰণ কৰা হৈছিল। অভিযোগমতে, অ’এনজিচিত চলি থকা কোটি কোটি টকাৰ কেমিকেল আৰু লোৰ সামগ্ৰী চুৰিৰ লগতে নিযুক্তি সন্দৰ্ভত জালিয়াতিত লিপ্ত একাংশ বিষয়াৰ সৈতে থকা এই চক্ৰটোৰ সম্পৰ্কৰ তথ্যও সেইসময়তে চিবিআইয়ে লাভ কৰিছিল। জানিব পৰা মতে, উক্ত তথ্যৰ ভিত্তিত চলা অনুসন্ধানৰ পিছত আজি এই বৃহৎ অভিযান একেসময়তে আৰম্ভ কৰা হৈছে।

বৰ্তমানলৈকে দলটোৱে অভিযান অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ কোনো লোককে কাষলৈ যাবলৈ দিয়া নাই। তাৰ মাজতে সৰকি অহা খবৰ মতে, আজিৰ অভিযানৰ অন্তত অ’এনজিচিৰ বিষয়া সমন্বিতে উক্ত প্ৰতিষ্ঠানকেইটাৰ কেইবাগৰাকীও লোকক আটক কৰি নিয়াৰো সম্ভাৱনা আছে।

The post তৈলনগৰী শিৱসাগৰৰ চাৰি স্থানত চিবিআইৰ অভিযান অব্যাহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P9xh9q
via IFTTT

Comments