২ডিচেম্বৰত তাজ উদ্দিন আহমেদৰ স্মৃতিচাৰণ সভা
গুৱাহাটী, ১৭ নৱেম্বৰঃ অসমৰ এগৰাকী পৰিচিত সাংবাদিক, লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংখ্যালঘু জনগোষ্ঠীসমূহৰ শুভচিন্তক আৰু বৰপেটা জিলাৰ বৰবালাৰ কৃতি সন্তান, হাউলী নিবাসী তাজ উদ্দিন আহমেদে যোৱা ২০১৭ চনৰ ৩০ নৱেম্বৰত ইহসংসাৰৰ চিৰবিদায় লয়। তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিবৰ বাবে ‘গণ অধিকাৰ ছ’চিয়েল চাৰ্কোল’ৰ উদ্যোগত আৰু ‘মৰহুম তাজ উদ্দিন আহমেদ স্মৃতিচাৰণ উদ্যাপন সমিতি’ৰ সহযোগত অহা ২ ডিচেম্বৰত প্ৰথম বাৰ্ষিক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত দিনৰ ১০ বজাত সিপিঠিত দিয়া কাৰ্যসূচীৰে আয়োজিত স্মৃতিচাৰণ সভালৈ উদ্যাপন সমিতিৰ সভাপতি নাৰায়ণ গোস্বামী, কাৰ্যকৰী সভাপতি ডাঃ ছামছুল আলম, যুটীয়া সম্পাদক, অধিবক্তা মোন্তাজ আলী আৰু মোৱাজ্জেম হুছেইনে সকলোকে নিমন্ত্ৰণ জনোৱাৰ লগতে সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ বিনম্ৰভাৱে কামনা কৰে।
The post ২ডিচেম্বৰত তাজ উদ্দিন আহমেদৰ স্মৃতিচাৰণ সভা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2BCPqJt
via IFTTT
Comments
Post a Comment