১ নিমিটত ২৫ খবৰ

১. আজি অনুষ্ঠিত হৈ যায় মধ্যপ্ৰদেশ আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচন। মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৭৫ শতাংশ হোৱাৰ লগতে মিজোৰামতো ভোটদানৰ হাৰ ৭৫ শতাংশ।

২. হকী বিশ্বকাপ ২০১৮। প্ৰথমখন খেলত বেলজিয়ামে ২-১ ত পৰাস্ত কৰিলে কানাডাক।

৩. ৰামমন্দিৰৰ সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ মন্তব্য, ‘মন্দিৰ নিৰ্মাণ নকৰালৈকে এই বিষয়টোতে সকলোৱে লাগি থাকিব।’

৪. ২ ডিচেম্বৰত প্ৰিয়ংকা-নিকৰ বিয়া। বুধবাৰে মুম্বাইৰ প্ৰিয়ংকাৰ স্ব-গৃহত আহি উপস্থিত হ’লহি নিক।

৫. ‘ইভিএম বিকল হোৱা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন’। মুখ্য নিৰ্বাচনী আয়ুক্ত অ পি ৰাৱটে কৰিলে এই ঘোষণা।

৬. ‘পাকিস্তানত অনুষ্ঠিত হবলগীয়া ছাৰ্ক সন্মিলনত ভাগ নলয় ভাৰতবৰ্ষই।’ বুধবাৰে এই ঘোষণা কৰিলে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে।

৭. অন্ধপ্ৰদেশৰ বিশাখাপট্টনমত নক্সালবাদীৰ বোমা বিস্ফোৰণ। আহত দুজন লোক।

৮. তেলেংগানাৰ ভুৱনগিৰিত বুধবাৰে এখন এয়াৰকাফ্ট দুৰ্ঘটনাগ্ৰস্ত। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিমানখনৰ চালক।

৯. ‘পাকিস্তান চৰকাৰ আৰু সেনাই ভাৰতৰ সৈতে সভ্য ব্যৱহাৰে কৰি আছে।’ বুধবাৰে এই মন্তব্য কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে।

১০. ‘আমাৰ লক্ষ্য একেটাই’ বুধবাৰে অধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰি এই মন্তব্য ৰাহুল গান্ধীৰ।

১১. ‘পাকিস্তানে সততাৰে কাম কৰিলে ভাৰতত সন্ত্ৰাসবাদ নিৰ্মূল কৰিব পৰা যাব।’ বুধবাৰে এখন প্ৰচাৰ সভাত এই মন্তব্য কৰিলে গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

১২. ইউ পি এছ চিৰ নতুন অধ্যক্ষ হিচাপে বুধবাৰে নিযুক্তি দিয়া হ’ল অৰবিন্দ চাক্সেনাক। ২০২০ ৰ ৭ আগষ্টলৈকে কাৰ্যকাল চাক্সেনাৰ।

১৩. ‘আজি দিনটোত মধ্যপ্ৰদেশত ভোটদানৰ লগতে বিজেপিৰ শাসনো শান্তিপূৰ্ণভাৱে সমাপ্ত হল’, এই মন্তব্য কংগ্ৰেছ নেতা কমল নাথৰ।

১৪. ‘কংগ্ৰেছৰ শক্তিশালী স্থিতি থকা সমষ্টিতহে বিকল হৈছে ইভিএম। ‘মধ্যপ্ৰদেশৰ নিৰ্বাচনত ইভিএম বিকল হোৱাৰ সন্দৰ্ভত কংগ্ৰেছ নেতা দিগ্বীজয় সিঙৰ এই মন্তব্য।

১৫. চিডনীত প্ৰৱল বৃষ্টিপাতত ব্যাহত জনজীৱন। বিমান আৰু ৰে’লসেৱা স্থগিত।

১৬. অহা মাহত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত অৱৰ্তীণ হ’ব নোৱাৰে খালিদা বেগম। বিশেষ আদালতে দিলে এই ৰায়।

১৭. বলিউদ অভিনেতা প্ৰতীক বব্বৰৰ আজি ৩২ সংখ্যক জন্মদিন। ২০০৮ চনত বলিউদত প্ৰৱেশ কৰিছিল প্ৰতীকে।

১৮. বঙাইগাঁও শোধনাগাৰত থলুৱা শ্ৰমিকক বঞ্চিত কৰি বহিঃৰাজ্যৰ শ্ৰমিকক নিযুক্তিৰ অভিযোগ। একাংশ ক্ষুদ্ধ শ্ৰমিকে আবদ্ধ কৰিলে প্ৰকল্প প্ৰবন্ধক, তিনি শ্ৰমিক নেতা আটক।

১৯. বইটামাৰীত বুধবাৰে সন্ধিয়া ২ গাড়ী চোৰ আটক। উদ্ধাৰ হয় গুৱাহাটীত চুৰি হোৱা গাড়ী।

২০. দিল্লীত ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ লম্পটক।

২১. পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙ অসুস্থ। ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

২২. অগপ-বিজেপিক ভোট দিয়া মানে বাংলাদেশীক ঘৰলৈ আদৰা। বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত নাগৰিকত্ব সংশোধনী বিলৰ বাবেই অসমীয়া যুৱকে গমন কৰিছে আলফালৈ। বট্ৰদৱা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

২৩. হোজাইৰ মোৰাঝাৰত ব্যৱসায়ী আজিৰ উদ্দিন হত্যাকাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাণ্ডত জড়িত আমিৰ উদ্দিনক।

২৪.  মহানগৰীৰ বিৰুবাৰীত ড্ৰাগছ জব্দ। এছ জি মাৰ্কেটৰ এখন দোকানত অভিযানত চলাই আৰক্ষীয়ে জব্দ কৰে ১০০টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ।

২৫. যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত কৰুণ ঘটনা। অস্ত্ৰোপচাৰৰ অভাৱত মৃত্যুক সাবটিলে এগৰাকী প্ৰসূতিৰ লগতে সদ্যোজাত শিশুৱে। মৃত প্ৰসূতিগৰাকীৰ নাম পিংকী কাহা।

The post ১ নিমিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FN9k8E
via IFTTT

Comments