কোচবিহাৰৰ বাবুৰহাটত বন্দুকধাৰীৰ সন্ত্ৰাস

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ কোচবিহাৰৰ বাবুৰহাট অঞ্চলত বুধবাৰে বন্দুকধাৰী এজন লোকে দুই ৰাউণ্ডকৈ গুলী চালনাৰে সন্ত্ৰাস সৃষ্টি কৰে। পিছত ক্ষুব্ধ স্থানীয় লোকসকলে বন্দুকধাৰী লোকজনক হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে।

অভিযুক্ত লোকজনে আৰক্ষীৰ আগত নিজকে তৃণমূল কংগ্ৰেছৰ সদস্য দেবাৰুণ দাস বুলি পৰিচয় দিয়ে। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ সময়ত সুৰামত্ত অৱস্থাত আছিল ধৃত লোকজন।

The post কোচবিহাৰৰ বাবুৰহাটত বন্দুকধাৰীৰ সন্ত্ৰাস appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rbbzbz
via IFTTT

Comments