কৃষ্ণাইৰ পাইকানত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী পাইকানৰ মাদাপাৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই পথ দুৰ্ঘটনাত তীব্ৰ বেগী মাৰুতি ৱেগনাৰ বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী চাইকেল আৰোহী৷ নিহত লোকজনৰ নাম ফাগুনা মোমিন বুলি চিনাক্ত কৰা হৈছে৷

দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ নম্বৰ এএছ১৭-এইছ ১৮৫৪। জানিব পৰা মতে, নিহত লোকজন এখন চাইকেলেৰে আহি থকা সময়তে গুৱাহাটী অভিমুখী মাৰুতি ৱেগনাৰ বাহনখনে তীব্ৰ বেগত খুন্দা মাৰে৷ ফলত চাইকেল সহ লোকজন পথৰ দাতিত ছিটিকি পৰাৰ লগতে থিতাতে নিহত হয়৷

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিহত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে৷ দুৰ্ঘটনাত চাইকেখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে দুৰ্ঘটনা গ্ৰস্ত বাহনখনৰ আংশিক ভাৱে ক্ষতিসাধন হয়৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখন পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে খেদি খেদি জব্দ কৰে৷ ইফালে একাংশ চালকৰ মইমতালিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত কৰি নিৰিহ লোক নিহত হবলগা হৈছে বুলি অভিযোগ তোলে বহুলোকে ৷

The post কৃষ্ণাইৰ পাইকানত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SgW25B
via IFTTT

Comments