দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্হিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
আজি বৰঝাৰত বায়ুসেনাৰ পদক অনুষ্ঠানত অংশ গ্ৰহণ গুৱাহাটীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰঃ
আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়াৰ ভাগত বৰঝাৰ বিমান বন্দৰত বায়ু সেনা বাহিনীৰ বিশেষ বিমানযোগে উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বৰঝাৰ বিমানবন্দৰৰ পৰা আদৰি আনিবলৈ উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰপতিগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনলৈ যাত্ৰা কৰে। আজি নিশা ৰাজভৱনত নিশাটো কটোৱাৰ পিছত কাইলৈ বৰঝাৰত অনুষ্ঠিত হ’বলগীয়া বায়ু সেনা বাহিনীৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী। কাইলৈ বায়ুসেনা বাহিনীৰ পদক বিতৰণ অনুষ্ঠানত উপস্থিত থকাৰ পিছত বিয়লি ভাগত পুনৰ দিল্লীলৈ উৰা মাৰিব ৰাষ্ট্ৰপতি কোবিন্দ। ইপিনে ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণসূচীক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে গুৱাহাটীত তীক্ষ্ণ পহৰাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।
The post দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্হিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2r8yZOV
via IFTTT

Comments
Post a Comment