স্ব-গৃহত উপস্থিত লাভলীনা বৰগোহাঁই, দল-সংগঠনৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোহাঁইক বুধবাৰে বৰপথাৰৰ স্ব-গৃহত উপস্থিত হয়হি। লাভলীনাৰ সাফল্যত উৎফুল্লিত হৈ ছাত্ৰ সন্থাকে আদি কৰি আন কেইবাটাও দল-সংগঠনে বৰপথাৰৰ পৰিদর্শন বাংলাত সমবেত হৈ উষ্ম আদৰণি জনোৱাৰ লগতে তেঁওক সম্বর্ধনা জনাই।

উল্লেখ্য যে, লাভলীনাই কিছুদিনৰ আগতে দিল্লীত অনুষ্ঠিত আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাটো বঞ্জৰ পদক দখল কৰি ভাৰতৰ লগতে বৰপথাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতক প্রতিনিধিত্ব কৰা বৰপথাৰ জীয়ৰী লাভলীনাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।

সম্বধৰ্না অনুষ্ঠানত উপস্থিত থাকে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি সোনাৰাম ভঁৰালী, বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক বিবেকানন্দ দত্ত, সমাজ কৰ্মী হৰেন গগৈ, জগত বুঢ়াগোহাঁই, বৰপথাৰ নগৰ সমিতিৰ সভাপতি শৈলেশ কুমাৰ সিংকে আদি কৰি আন কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া। অনুষ্ঠানত উপস্থিত থাকি বিভিন্নজনে খেলুৱৈ গৰাকীক শুভেচ্ছা ও সম্বৰ্ধনা জনাই।

The post স্ব-গৃহত উপস্থিত লাভলীনা বৰগোহাঁই, দল-সংগঠনৰ সম্বৰ্ধনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PYGqqE
via IFTTT

Comments