কেৰালাত উজলিল অসমৰ মেহদি জাহান

ডিজিটেল সংবাদ, গুৱাহাটীঃ কেৰালাত ত্ৰিচুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছে অসম সন্তান মেহদি জাহান। গুৱাহাটীৰ যুৱক মেহদিয়ে নিৰ্মাণ কৰা ‘জ্যোতি আৰু জয়মতী’ শীৰ্ষক চুটি ছবিখনে লাভ কৰে দ্বাদশ জন আব্ৰাহাম নেশ্যনেল এৱাৰ্ড।

৬০, ৭০ দশকৰ অসমৰ সামাজিক প্ৰেক্ষাপটৰ কিছু গল্প আৰু চৰিত্ৰৰ আধাৰত এই চুটি ছবিখন নিৰ্মাণ কৰিছে মেহদিয়ে। এই ছবিখন অহা ৪ ডিচেম্বৰৰ পৰা কলম্বিয়াৰ বগোটাত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈও আমন্ত্ৰিত হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত মুম্বাই আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱতো মেহদিৰ ‘জ্যোতি আৰু জয়মতী’ শীৰ্ষক ছবিখন প্ৰদৰ্শিত হৈছিল।

The post কেৰালাত উজলিল অসমৰ মেহদি জাহান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RlreRl
via IFTTT

Comments