নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিস্থাপক জীতেন্দ্ৰ নাথ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ ভোলাবৰী নিবাসী জীতেন্দ্ৰ নাথ গোস্বামীৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে পুৱা লখিমপুৰ নগৰৰ দাস নাৰ্ছিং হ’মত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত গোস্বামীয়ে নামনি লখিমপুৰৰ বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰাৰ অন্তত যমুনাখাট মজলীয়া বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ সংবাদ জগতৰ বাটকটীয়া হিচাপে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত গোস্বামীয়ে তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক মহাজাতি কাকতৰ জৰিয়তে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা পিছত সাপ্তাহিক জনমভূমি ,দৈনিক জনমভূমি, আজিৰ বাতৰি ,নতুন দৈনিক, সাদিনীয়া সংবাদ, ন-লখিমি আদি কাকতত নাৰায়ণপুৰ অঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়াইছিল।

নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিস্থাপক উপ-সভাপতি গোস্বামী একেধাৰে অসম সত্ৰ মহাসভা, খেৰাজখাট চেমনীয়া সাহিত্য পৰিষদ, উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতি, ভোলাবৰী নটসূৰ্য নাট্য সমাজ ,গাঁওৰক্ষী বাহিনীৰ লগতে আন বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ নিষ্ঠাসহকাৰে নিজৰ দ্বায়িত্ব পালন কৰিছিল।

তেখেতৰ মৃত্যুত আজি নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় পৰাগ কুমাৰ দাস স্মৃতি ভবনত ক্লাবৰ পতাকা অৰ্ধনমিত কৰাৰ লগতে এখনি শোকসভা অনুষ্ঠিত কৰি মৃতকৰ আত্মাৰ সৎগতি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সন্ধিয়ালৈ প্ৰেছ ক্লাৱৰ চৌহদত বন্তি প্ৰজ্বলনেৰে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মৃত্যুৰ সময়ত তেখেতে পত্নী, দুই পুত্ৰ সন্তান, দুই জী-জোৱাই, বোৱাৰী, নাতি-নাতিনী সহ বহু সংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। প্ৰয়াত গোস্বামীৰ মৃত্যুত আছু, যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভাৰ লগতে বৃহত্তৰ ভোলাবৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰে।

The post নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিস্থাপক জীতেন্দ্ৰ নাথ গোস্বামীৰ পৰলোকপ্ৰাপ্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qo6hZU
via IFTTT

Comments

Popular Posts