আছে শিক্ষাৰ্থী নাই শিক্ষক, আছে শিক্ষক নাই শিক্ষাৰ্থী! তামুলপুৰত শিক্ষা বিভাগৰ প্ৰকৃত ছবি

ডিজিটেল সংবাদ, ৰঙিয়াঃ ‘বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী’, -এই কথাষাৰ প্ৰযোজ্য হয় আমাৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। চৰকাৰে টেট পৰীক্ষা পাতি বহুতকে চাকৰি দিলে, ফলত বহু নিবনুৱা সংস্থাপিত হ’ল। ইয়াকে দেখি ৰাইজেও বাহ বাহ বুলিলে। পিছে ৰাজ্যত এতিয়াও এনেকুৱা বহু বিদ্যালয় আছে য’ত ছাত্র-ছাত্ৰীৰ পৰিৱৰ্তে শিক্ষকৰ সংখ্যা তেনেই নগন্য।
তেনে এখন বিদ্যালয় হৈছে উত্তৰ চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত ১১৫ গৰাকী ছাত্র-ছাত্ৰীৰ বাবে মাত্ৰ এগৰাকী শিক্ষক হে মকৰল হৈ আছে। তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন প্ৰাথমিক বিদ্যালয়খনত দুবছৰ ধৰি এজনীয়া শিক্ষকৰে চলিছে পাঠদান। চৰকাৰী নিয়মমতে প্ৰতি ৩০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকী শিক্ষক থকাটো বাধ্যতামূলক। সেইমতে বিদ্যালয়খনত ৪ গৰাকী শিক্ষক থাকিব লাগিছিল যদিও সেয়া হৈ উঠা নাই।
ইমান ছাত্র-ছাত্ৰীক মাত্ৰ এগৰাকী শিক্ষকে গোটেইবোৰ বিষয় পঢ়াবলগীয়া হোৱাত বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড সহজেই অনুমেয়। বৃহস্পতিবাৰে গুণোৎসৱ চলি থকা সময়ত শিক্ষক নিযুক্তিৰ দাবীত এবিএমছুৰ নেতৃত্বত অভিভাৱক আৰু ৰাইজে এই বিদ্যালয়খনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।
স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও আজিলৈকে কোনোধৰণৰ গুৰুত্ব দিয়া নাই। বিদ্যালয়খনৰ এনে সমস্যাৰ মাজতে বৃহস্পতিবাৰে আনুষ্ঠিত গুণোৎসৱক ভেকো ভাওনা আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে।
ইফালে এই বিদ্যালয়খনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত আন এখন চৰকাৰী বিদ্যালয়ত মাত্ৰ ৪ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৫ গৰাকী শিক্ষক নিযুক্ত হৈ আছে বুলি ৰাইজে অভিযোগ কৰে। শিক্ষা বিভাগৰ এনে দায়িত্বহীনতাৰ বাবে একাংশ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই বিদ্যালয়খনত দীৰ্ঘদিন ধৰি আবেদন-নিবেদন কৰাৰ পিছতো শিক্ষা বিভাগে কোনো ব্যৱস্থা নোলোৱাত বৃহস্পতিবাৰে ধৈৰ্য্যৰ বান্ধ ছিগি এবিএমছু আৰু স্থানীয় অভিভাৱক ৰাইজ ক্ষোভ প্ৰদৰ্শন কৰে। বিদ্যালয়খনত সংগঠনটোৰ নেতা-কৰ্মী উপস্থিত হৈ শিক্ষক নিযুক্তিৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে। অতি শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে।
The post আছে শিক্ষাৰ্থী নাই শিক্ষক, আছে শিক্ষক নাই শিক্ষাৰ্থী! তামুলপুৰত শিক্ষা বিভাগৰ প্ৰকৃত ছবি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AFGzX0
via IFTTT
Comments
Post a Comment