স্বামীৰ মৃত্যুত নাকান্দাটোৱেই অপৰাধ! ৫ বছৰ কাৰাৱাসৰ পিছতহে দোষমুক্ত অসমৰ মহিলা

ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ স্বামীক কোনে হত্যা কৰিছিল বা কিয় হত্যা কৰিছিল সেয়া কোনেও নাজানে৷ নে সেয়া হত্যাকাণ্ডৰ বিপৰীতে আত্মহত্যাহে আছিল সেয়াও নিশ্চিত নহয়৷ কিন্তু স্বামীৰ মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে এটুপিও চকুলো নুটুকিলে৷ ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁ স্বামীৰ মৃত্যুত দুখ পোৱা নাছিল৷ পাইছিল৷ ভীষণ ভাৱে ভাগি পৰিছিল মহিলাগৰাকী৷ কিন্তু তেওঁ এয়াও জানিছিল যে যদি তেওঁ কান্দে, যদি তেওঁ ভাগি পৰে, তেন্তে স্বামীৰ পিছত পৰিয়ালটো স্বম্ভালিৱলৈ আৰু কোনো নাথাকিব৷ সেয়ে তেওঁ কন্দা নাছিল৷ শিলৰ দৰে হৈ পৰিছিল তেওঁ৷
স্বামীৰ বিয়োগৰ পিছত এটুপিও চকুপানী নুটুকাটোৱেই হ’ল মহিলাগৰাকীৰ বাবে অপৰাধ৷ যাৰ বাবে আৰক্ষীয়ে তেওঁৱেকেই স্বামীৰ হত্যাকাৰী বুলি গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে৷ আৰু আদালতেও এখন্তেক পলম নকৰি এই মাত্ৰ এটা কাৰণৰ ভিত্তিতেই মহিলাগৰাকীক প্ৰদান কৰে যাৱজ্জীৱন কাৰাদণ্ড৷
চিনেমাৰ কাহিনী যেন লাগিলেও এই ঘটনা প্ৰকৃততে বাস্তৱ৷ এইখন অসমৰে কাহিনী এয়া৷ ৫ বছৰ পূৰ্বে এইগৰাকী মহিলাক গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ অপৰাধ মাত্ৰ এটাই, সেয়া হ’ল তেওঁ তেওঁৰ স্বামীৰ মৃত্যুত অলপো কন্দা নাছিল৷ যাৰ বাবে তেৱেই হত্যাকাৰী বুলি নিশ্চিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়৷
৫ বছৰ যন্ত্ৰণাদগ্ধ কাৰাবাসাৰ জীৱন পাৰ কৰাৰ পিছত অৱশেষত বুধবাৰে মহিলাগৰাকীক দোষমুক্ত ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে৷ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এফ নৰিমেন আৰু ন্যায়াধীশ নবীন সিনহাৰ বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি মহিলাগৰাকীক দোষমুক্ত ৰায় দিয়ে৷
মহিলাগৰাকীৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৩১ অক্টোবৰত ঘোষণা কৰে যে স্বামীৰ বিয়োগত পত্নী নকন্দাটো কোনো অপৰাধ হ’ব নোৱাৰে৷ সকলোৰে একো একোটা ব্যক্তিগত জীৱন আছে৷ আৰু ব্যক্তিগত জীৱনৰ সৈতে অনুভৱ বিলাকো বেলেগ বেলেগ৷ গতিকে স্বামীৰ মৃত্যুত সেই মহিলাগৰাকীয়ে নকন্দা মানেই যে তেওঁ স্বামীৰ হত্যাকাৰী সেয়া হ’ব নোৱাৰে৷ যিহেতু মহিলাগৰাকী হত্যাকাৰী বুলি প্ৰমাণ কৰিবলৈ আন কোনো তথ্য নাই গতিকে মাত্ৰ কন্দা বা নকন্দাৰ ওপৰতে ভিত্তি কৰি তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা ভুল৷
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে স্বস্তিৰ নিশ্বাস এৰিছে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে৷ সুদীৰ্ঘ ৫ বছৰ কাল বিনা দোষত কাৰাৱাস খাটিবলগীয়া হোৱা বুলি মন্তব্য কৰি মহিলাগৰাকীয়ে স্বামীৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ ওচৰত এতিয়াও দাবী জনায়৷
The post স্বামীৰ মৃত্যুত নাকান্দাটোৱেই অপৰাধ! ৫ বছৰ কাৰাৱাসৰ পিছতহে দোষমুক্ত অসমৰ মহিলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qn4AvL
via IFTTT
Comments
Post a Comment