গৌৰাং নৈত পৰি এটি শিশুৰ সলিল সমাধি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মঙলবাৰে মাতৃৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি আবুল কাছেম নামৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ মাহাজনপাৰাৰ আমেজ আলী আৰু ছমৰেন বিবিৰ সন্তান আবুল কাছেমে মঙলবাৰে মাতৃৰ সতে গৌৰাং নৈত গা ধুবলৈ যায়।
গা ধুই থাকোতে আবুল কাছেম নৈৰ পানীত ডুব যায়। ঘটনাৰ পিছতে অঞ্চলটোত মুহূৰ্ততে হুৱাদুৱা লাগে আৰু শিশুটিক বিচাৰি স্থানীয় ৰাইজে অভিযান চলায়। পিছত এনডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও গৌৰাং নৈত সন্ধানহীন হোৱা ছাত্ৰগৰাকীৰ সন্ধান বৰ্তমানলৈকে লাভ কৰা নাই উদ্ধাৰকাৰী দলটোৱে। উল্লেখ্য যে, আবুল কাছেম মাহাজনপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল । ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
The post গৌৰাং নৈত পৰি এটি শিশুৰ সলিল সমাধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P0AM6S
via IFTTT
Comments
Post a Comment