কোকৰাঝাৰত কেএলঅ’ সদস্য আটক 

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছালাকাটিৰ বান্দৰচৰাত আৰক্ষী আৰু শিখলাই ৰেজিমেন্টে যৌথ অভিযান চলাই ম্যানমাৰত এগৰাকী দুৰ্ধৰ্ষ কেএলঅ’ সদস্য আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন কেডাৰজনক কেএলঅ’ৰ ২০ নং বেটচৰ মানফুল বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

ইফালে, দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা আৰক্ষীয়ে পিষ্টল, বিস্ফোৰক সামগ্ৰীৰ লগতে আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে। আটকাধীন কেডাৰজন ২০১৫ চনৰ পৰাই কেএলঅ’ৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে। অধিক তথ্যৰ সন্ধানত আটকাধীন কেডাৰজনক আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে।

The post কোকৰাঝাৰত কেএলঅ’ সদস্য আটক  appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OVYVvs
via IFTTT

Comments