আমিৰ খানৰ প্ৰশ্নঃ কাক পতাই ঘৰত প্ৰৱেশ কৰে বিগ বিয়ে? ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ ছ’নীত সম্প্ৰচাৰিত হোৱা ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ আহি শেষ পৰ্যায়ত উপনীত হৈছেহি। অহা শুকুৰবাৰে সম্প্ৰাচিৰত হ’বলগীয়া খণ্ডটোত বিশেষ অতিথিৰূপে বিগ বিৰ সন্মুখৰ আসনত বিৰাজমান হ’ব বলিউদৰ মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খান।
এই খণ্ডটোৰে এটা প্ৰ’ম’ ছ’নী টিভিয়ে নিজৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টত আপলোড কৰাৰ পাছত বৰ্তমান সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে। ইয়াৰ কাৰণো নথকা নহয়। এই প্ৰ’ম’টোত আমিৰ খানে অমিতাভ বচ্চনক সোধে এটা ব্যক্তিগত প্ৰশ্ন, যাৰ উত্তৰ দিব পৰা নাই বিগ বিয়ে।
প্ৰ’ম’টোত আমিৰ খানে নিজৰ চঞ্চল চৰিত্ৰৰ প্ৰদৰ্শন কৰি বিগ বিক প্ৰথমে কয়- ‘আপুনি এই হ’ট ছীটত বহা সকলোকে বহুত কঠিন কঠিন প্ৰশ্ন সোধে, গতিকে আমিও বিচাৰো আপোনাক এটা প্ৰশ্ন সুধিব।’ আমিৰ খানৰ এই কথাষাৰ শুনি প্ৰথমে অমিতাভ বচ্চন কিছু শংকিত হৈ পৰা দেখা যায় যদিও মনযোগেৰে আমিৰ খানৰ কথাবোৰ শুনে।
ইয়াৰ পাছত আমিৰ খানে বিগ বিক প্ৰশ্ন কৰে- ‘কেতিয়াবা কামৰ পৰা ঘৰলৈ ওভতাত পলম হোৱাৰ বাবে আপুনি (A) ঘৰত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই, (B) জয়াজীয়ে আপোনাক কৈছে- এইটো সময়নে ঘৰলৈ উভতি অহাৰ, (C) ঘৰত প্ৰৱেশৰ বাবে গৃহৰক্ষীক পতাব লগা হৈছে বা (D) খালী পেটে শুব লগা হৈছে?’
এই প্ৰ’ম’টোত আমিৰ খানৰ প্ৰশ্নটোৰ উত্তৰ অমিতাভ বচ্চনে দিয়া দেখুওৱা নাই যদিও, প্ৰশ্নটো কৰাৰ পাছতেই বিগ বিয়ে হাঁহি থকা দেখা পোৱা গৈছে। পিছে এই প্ৰশ্নৰ উত্তৰ হিচাপে বিগ বিয়ে (A), (B), (C) অথবা (D) ইয়াৰে কোনটো বাচনি কৰিব সেইটো অহা শুকুৰবাৰেহে জানিব পৰা যাব।
উল্লেখ্য যে, অহা ৮ নবেম্বৰত ছবিগৃহত মুক্তি পাব লগা ‘থাগছ অৱ হিন্দুস্তান’ ছবিখনৰ প্ৰচাৰৰ বাবে আমিৰ খান মুখ্য অতিথি হিচাপে আহে ‘কেবিচি’ৰ এই খণ্ডটোত। এই ছবিখনৰ পৰিচালক বিজয় কৃষ্ণ আচাৰ্য। আমিৰ খান আৰু অমিতাভ বচ্চনৰ উপৰিও এই ছবিখনত অভিনয় কৰিছে কেট্ৰিনা কাইফ, ফাতিম ছনা শ্বেখো মুখ্য চৰিত্ৰত থাকিব। এই ছবিখনত প্ৰথমবাৰৰ বাবে বিগ বি আৰু মিষ্টাৰ পাৰ্ফেকশ্যনিষ্টে অভিনয় কৰিছে। চাওঁক হাস্যৰস সমৃদ্ধ এই ভিডিঅ’টো-
Kya hoga jab #KBC ke manch par Mr. Perfectionist, @aamir_khan, daalenge acting ke headmaster @SrBachchan ko hotseat par, aur puchenge unsey ek dilchasp sawaal? Dekhiye iss Shukravaar Aamir Special mein, raat 9 baje. pic.twitter.com/GHYPhC6xu5
— Sony TV (@SonyTV) October 29, 2018
The post আমিৰ খানৰ প্ৰশ্নঃ কাক পতাই ঘৰত প্ৰৱেশ কৰে বিগ বিয়ে? ভাইৰেল VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ql9RnL
via IFTTT
Comments
Post a Comment