টুটিঙত হ্ৰাস পাইছে চিয়াঙৰ জলস্তৰ

ডিজিটেল সংবাদ, ইটানগৰঃ চীনৰ চাংপো নৈত সোমবাৰে দিনৰ প্ৰায় ১১ বজাত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ চীন চৰকাৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ে অৰুণাচল প্ৰদেশ চৰকাৰক অৱগত কৰে৷
কালি নিশা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ প্ৰৱেশ স্থান টুটিঙত জলস্তৰ হ্ৰাস পায়৷ চিয়াঙৰ জলস্তৰ নিশা ৯ বজাত ৪০৫.৬৩ মিটাৰ আছিল যদিও নিশা ১১ বজালৈ হ্ৰাস পায় ৪০৪.১৯ হয়গৈ৷

শেহতীয়া খবৰ মতে য়িংকিয়ঙত চিয়াঙৰ জলস্তৰ দ্ৰুত গতিত হ্ৰাস পাইছে৷ পাছিঘাটতো জলস্তৰ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে৷
The post টুটিঙত হ্ৰাস পাইছে চিয়াঙৰ জলস্তৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EP9V9n
via IFTTT
Comments
Post a Comment