জীৱনক বাজীত লগাই উঠিবনে আপুনি স্পাইছজেট কিম্বা জেট এয়াৰৱেজৰ বিমানত?

ডিজিটেল ডেস্কঃ ভাৰততো হ’ব পাৰে নেকি ইণ্ডোনেছিয়াৰ দৰে বিমান দুৰ্ঘটনা? এই শংকা এতিয়া বৃদ্ধি পাইছে৷ সোমবাৰে লায়ন এয়াৰৰ এখন যাত্ৰীবাহী বিমান জাকাৰ্টাৰ সমীপত ভূপতিত হৈছিল৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ ভিতৰত থকা বিমান কৰ্মীসহ ১৮৯ যাত্ৰীয়ে৷ মাত্ৰ দুমাহ পূৰ্বে ইণ্ডোনেছিয়াৰ বিমান সেৱাৰ বাবে ব্যৱহাৰ কৰা বয়িং ৭৩৭ মেক্স-৮ মডেলৰ লায়ন এয়াৰে পৰিচালনা কৰা বিমানখন এনেদৰে আকাশ মাৰ্গতে দ্বিখণ্ডিত হোৱা কাণ্ডক সহজভাৱে ল’ব পৰা নিশ্চয় নহয়৷ ভুল কি আছিল, সেয়া তদন্তৰ দ্বাৰা পোহৰলৈ আহিব যদিও এটা কথা নিশ্চয় সঠিক যে বিমানখনৰ নিৰ্মাণ কাৰ্যত হোৱা গাফিলতি আৰু বিমানখনৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত অভিযন্তাসকলৰ দায়িত্বহীন কৰ্ম পদ্ধতিয়েই এই দুৰ্ঘটনাৰ মূল কাৰণ৷

বাতৰিত প্ৰকাশিত তথ্য অনুসৰি, দু্ৰ্ঘটনাৰ মাত্ৰ এটা দিন পূৰ্বে অৰ্থাৎ দেওবাৰে বিমানখনৰ ভিতৰত যান্ত্ৰিক বিজুতি ধৰা পৰিছিল৷ পিছত অভিযন্তাসকলে সেয়া ঠিক কৰি পুনৰ সোমবাৰে ৰাওনা কৰিছিল একেখন বিমান৷ তদুপৰি পূৰ্বেও দুবাৰকৈ দুৰ্ঘটনাত পতিত হোৱাৰ নজিৰ আছে লায়’ন এয়াৰৰ বয়িং ৭৩৭ মেক্স-৮ মডেলৰ বিমান৷ ২০১৬ চনত কেৱল ব্যৱসায়িক কাৰ্যৰ বাবে ব্যৱহৃত হোৱা এই বিমানখন ১৫ আগষ্টত ইণ্ডোনেছিয়াৰ বিমান সেৱা পৰিষদক যোগান ধৰা হয়৷ আৰু তাৰ মাত্ৰ দুমাহ পিছতে ১৮৯ যাত্ৰীক বুকুত সামৰি জাভা সাগৰত বিলীন হৈ গ’ল বিমানখন৷

কিন্তু এনে এটা দুৰ্ঘটনা ভাৰততো সংঘটিত হ’ব পাৰে নেকি? এই প্ৰশ্ন মুঠেও অযুক্তিকৰ নহয়৷ ভাৰততো এনে বয়িং ৭৩৭ মেক্স-৮ মডেলৰ বিমান যাত্ৰীবাহী বিমান হিচাপে ব্যৱহাৰ হৈ আহিছে৷ ভাৰতৰ দুই বিমান পৰিচালনা সংস্থা জেট এয়াৰৱেজ আৰু স্পাইছজেটৰ দ্বাৰা এনে বিমান পৰিচলিত হৈ আছে৷ কিন্তু ইয়াতো এটা প্ৰশ্ন উত্থাপন কৰাৰ অৱকাশ আছে৷ একে মডেল হ’ল বুলিয়েই যে ভাৰততো এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সেয়াটো কথা নহয়৷

নিশ্চয় নহয়৷ বিমানৰ মডেল একে মানেই দুৰ্ঘটনাৰ শংকা কৰাটো যুক্তিসংগত হ’ব নোৱাৰে৷ কিন্তু বিমানৰ পৰিবহণ ক্ষমতা, ইঞ্জিনৰ কেপাচিটি, ভাৰাসাম্য আৰু বিমানখনৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে দুৰ্ঘটনাৰ সম্ভাৱনা৷ চাবলৈ গ’লে লায়ন এয়াৰ আৰু জেট এয়াৰৱেজ বা স্পাইছজেটৰ দ্বাৰা পৰিচালিত বিমানসমূহ একেটা বিমান নিৰ্মাণকাৰী কোম্পানীৰে হোৱা হেতুকে ইণ্ডোনেছিয়াৰ বিমানখনত থকা বিজুটি ভাৰতীয় বিমানসমূহতো থকাটো অসম্ভৱ নহয়৷

৭৩৭ মেক্স হৈছে আমেৰিকাৰ বৃহৎ বিমান নিৰ্মাণকাৰী কোম্পানী বয়িঙৰ দ্বাৰা নিৰ্মিত এক অত্যাধুনিক প্ৰযুক্তিসম্পন্ন বানিজ্যিক বিমান৷ দুটা ইঞ্জিনযুক্ত এই বিমানখনক অন্য বিমানৰ পৰা পৃথক কৰিছে ইয়াৰ কম ওজন আৰু উৰণৰ গতিয়ে৷ ২২২ আসনযুক্ত এই বিমানখন ২০১৪ চনত নিৰ্মাণ কৰা হৈছিল যদিও ২০১৬ চনত ইয়াৰ পৰীক্ষণমূলক উৰণ চলোৱা হয়৷ ৫২.৮৫ মিলিয়ন ডলাৰ মূল্যৰ এই বিমানখন প্ৰথমবাৰ ইণ্ডোনেছিয়াৰ লায়ন এয়াৰক যোগান ধৰা হৈছিল৷ প্ৰথমাৱস্থাত বিমানখন বানিজ্যিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও পিছত লায়ন এয়াৰে যাত্ৰীবাহী বিমান হিচাপে আগষ্ট মাহত ব্যৱহাৰ কৰে৷

বিমান নিৰ্মাণ সংস্থাই সদৰী কৰা এক তথ্য অনুসৰি চেপ্তেম্বৰ মাহত ২১৯ খন ৭৩৭ মেক্স বিমান সমগ্ৰ বিশ্বৰ ভিন্ন দেশলৈ যোগান ধৰা হৈছিল৷ ইয়াৰে ৬ খন বিমান ভাৰতত ব্যৱহৃত হৈ আছে৷ স্পাইছজেট আৰু জেট এয়াৰৱেজে পৰিচালনা কৰি আছে এই ৬ খন বয়িং বিমান৷ ইফালে
ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিএশ্যন আৰু ফেডাৰেল এভিএশ্যন অথ’ৰিটিয়ে সদৰী কৰা মতে কোনো প্ৰযুক্তিগত সমস্যাৰ বাবে ইণ্ডোনেছিয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনাটো সংঘটিত হোৱা নাই৷ অৰ্থাৎ বিমানখনৰ নিৰ্মাণকাৰী সংস্থাৰ নিৰ্মাণত ৰৈ যোৱা বিজুতিৰ বাবেই বিমানখন আকাশ মাৰ্গত দ্বিখণ্ডিত হৈ পৰাটো নিশ্চিত৷

অৱশ্যে এনেবোৰ সন্দেহ ব্যক্ত কৰিয়েই ডি জি চি এয়ে জেট এয়াৰৱেজ আৰু স্পাইছজেটৰ দ্বাৰা পৰিচালিত আটাইকেইখন বয়িং ৭৩৭ মেক্স ৮ বিমানৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে৷ এনে এটা দুৰ্ঘটনা যাতে পুনৰ এবাৰ সংঘটিত নহয়, তাৰ বাবে সতৰ্কতা অৱলম্বন কৰাটো বাধ্যতামূলক৷ হ’ব পাৰে যে ইণ্ডোনেছিয়াত হোৱা মানে ভাৰতত নহ’বও পাৰে, কিন্তু পূৰ্বেই যদি সাবধান হৈ থাকিব পাৰি, তেতিয়া দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি থাকিব পৰা যাব৷

The post জীৱনক বাজীত লগাই উঠিবনে আপুনি স্পাইছজেট কিম্বা জেট এয়াৰৱেজৰ বিমানত? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q5ATuF
via IFTTT

Comments