হোমেন বৰগোহাঞিলৈ ‘মাধৱ কন্দলি বঁটা’, বুধবাৰৰ পৰা নগাঁৱত শিশু গ্ৰন্থমেলা

ডিজিটেল সংবাদ, নগাঁওঃ অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ অনৱদ্য বৰঙণি আগবঢ়োৱা প্ৰসিদ্ধ সাহিত্যিকক উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিয়ে প্ৰতি বছৰে ‘মাধৱ কন্দলি বঁটা’ আগবঢ়াই আহিছে। চলিত বৰ্ষৰ মাধৱ কন্দলী বঁটা প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে।
মঙলবাৰে উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ সভাপতি তথা ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কাৰ্যকৰী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। অহা ৭ নৱেম্বৰৰ দিনৰ ১ বজাত নগাঁও চহৰৰ কলংপাৰৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বৰগোহাঞিক এই বঁটা প্ৰদান কৰা হ’ব।
স্মৰ্তব্য যে, বিগত বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক। আনহাতে, এই সভাতেই গ্ৰন্থমেলা সমিতিয়ে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱাৰ বাবে জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাক চলিত বৰ্ষৰ “বনবন্ধু বঁটা” প্ৰদান কৰা হ’ব।
কলংপাৰৰ বৌদ্ধিক চহৰ নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত বুধবাৰৰ পৰা ৭ নৱেম্বৰ পৰ্যন্ত আঠ দিনীয়াকৈ আৰম্ভ হ’ব উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা। ইতিমধ্যে গ্ৰন্থমেলাৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এইবাৰৰ শিশু গ্ৰন্থমেলাত বিভিন্ন প্ৰকাশন গোষ্ঠীৰ বিপনীৰ লগতে সৰ্বমুঠ ৯৭খন গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে।
The post হোমেন বৰগোহাঞিলৈ ‘মাধৱ কন্দলি বঁটা’, বুধবাৰৰ পৰা নগাঁৱত শিশু গ্ৰন্থমেলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JpJSUQ
via IFTTT
Comments
Post a Comment