গুণোৎসৱ নে গ্ৰেডোৎসৱ! শিক্ষাগুৰুৰ বিৰুদ্ধে সন্মান বিক্ৰীৰ অভিযোগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ নগাঁও, বিশ্বনাথ, চিৰাং, তিনিচুকীয়া, দৰং, কামৰূপ মেট্ৰ’কে আদি কৰি মুঠ ১৭ খন জিলাৰ বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিদ্যালয়ত ৩১ অক্টোবৰ আৰু ১, ২, ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ এই গুণোৎসৱৰ জৰিয়তে বিদ্যালয় তথা শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ কথা চৰকাৰীভাৱে কোৱা হৈছে যদিও কেবাখনো জিলাত এয়া একপ্ৰকাৰ ভেকোভাওনাত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
বহু বিদ্যালয়ে স্বতস্ফূৰ্তভাৱেই হওক বা শাস্তি পোৱাৰ ভয়তে হওক ‘গুণোৎসৱ’ক লৈ অধিক সচেতন হৈ গুণগত মান উন্নত কৰাত ব্ৰতী হোৱা দেখা গৈছে যদিও তাৰ সমান্তৰালভাৱে একাংশ বিদ্যালয়ত দেখা গৈছে সম্পূৰ্ণ ব্যতিক্ৰমী ছবি।
বিগত বৰ্ষত ‘এ+’ আৰু ‘এ’ গ্ৰেড লাভ কৰা কেবাখনো বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তেনেই শোচনীয় হোৱালৈ চাই চলিত বৰ্ষতো কেবাখনো জিলাৰ একাংশ বিদ্যালয়ে ‘এ+’ ‘এ’ আদি গ্ৰেড লাভ কৰিবলৈ ব্যাপক অনীতি-অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভিন্নজনে।
উত্থাপিত অভিযোগ অনুযায়ী এনে বিদ্যালয়সমূহৰ প্ৰধানে যিকোনো প্ৰক্ৰিয়াৰে ‘এ+’ ‘এ’ আদি গ্ৰেড লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক ঋনাত্মক কথা শিকোৱাৰ দায়িত্ব দিছে সংশ্লিষ্ট শিক্ষক তথা গুণোৎসৱৰ নডেল শিক্ষকক৷ এই কাৰ্যত আনকি উৎসাহ যোগাইছে একাংশ চিআৰচিচিয়েও৷
উল্লেখ্য যে, বিগত বৰ্ষৰ গুণোৎসৱত বিদ্যায়তনিক দিশত ৬০ শতাংশ নম্বৰ থকাৰ বিপৰীতে বিদ্যালয়ৰ অন্যান্য দিশত আছিল ৪০ শতাংশ নম্বৰ৷ সেয়েহে যোৱা বৰ্ষত বহু সংখ্যক বিদ্যালয়ে অন্যান্য দিশৰ ৪০ শতাংশ নম্বৰ লাভ কৰি বিদ্যায়তনিক দিশতো ভাল শতাংশ লাভ কৰি ‘এ+’ বা ‘এ’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল৷
কিন্তু এই বৰ্ষত আগৰ সকলো অংক খেলিমেলি কৰি অসম সৰ্বশিক্ষা মিছনে বিদ্যায়তনিক দিশত সৰ্বোচ্চ ৮৫ শতাংশ আৰু বিদ্যালয়ৰ অন্যান্য দিশত মাত্ৰ ১৫ শতাংশ নম্বৰ ধাৰ্য কৰাত সহজে গ্ৰেড লাভৰ আশাত থকা বিদ্যালয়সমূহৰ অংকত আউল লাগে৷ সেয়ে এতিয়া বিদ্যায়তনিক দিশৰ ৮৫ শতাংশ নম্বৰৰ যিমান পাৰি বেছি নম্বৰ পাবলৈ শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য সম্পূৰ্ণৰূপে জলাঞ্জলি দি গুণোৎসৱৰ লিখিত পৰীক্ষাত ‘অ এম আৰ’ শ্বীটত ছাত্ৰ-ছাত্ৰীক উত্তৰবোৰ শিকাই দিবলৈ নিয়োগ কৰিছে প্ৰধানসকলৰ আস্থাভাজন একাংশ শিক্ষক৷
ইয়াৰোপৰি বিদ্যালয়লৈ আহিবলগীয়া সংশ্লিষ্ট নিৰীক্ষকগৰাকীক যিকোনো প্ৰকাৰে মেনেজ কৰি ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, ৰাইজৰ প্ৰতিনিধি, মাতৃগোট আদিক৷ নিৰীক্ষকজনক মেনেজ কৰি ছাত্ৰ-ছাত্ৰীৰ লিখন আৰু পঠনৰ নম্বৰৰ ‘অ এম আৰ’ শ্বীটবোৰ যাতে শিক্ষকেই পূৰণ কৰি প্ৰতিজন শিক্ষাৰ্থীক ৯ বা ১০ নম্বৰ দিব পৰা যায় তাৰো পৰিকল্পনা কৰা বুলি একাংশ বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে৷
ইতিমধ্যে ‘শিক্ষাগুৰু’ৰ সকলো মান-সন্মান বন্ধকত থৈ কোন কোন শিক্ষকে কোন কোন বিষয়ত পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰীক শিকাব বা প্ৰয়োজন অনুসৰি অ এম আৰ শ্বীটবোৰ নিজে পূৰণ কৰি দিব সেই সন্দৰ্ভতো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বহু বিদ্যালয়ৰ ক্ষমতালোভী তথা সদনাম কিনি ল’বলৈ কুণ্ঠাবোধ নকৰা শিক্ষকৰ নামত কলংকস্বৰূপ বিদ্যালয় প্ৰধানে৷
আনহাতে চৰকাৰীভাৱে নিয়োগ কৰা বহু নিৰীক্ষকক আগতীয়াকৈ যোগাযোগ কৰি অথবা একাংশ নিৰীক্ষকৰ ঘৰলৈ গৈ আগতীয়াকৈ মেনেজ কৰা বুলিও জানিব পৰা গৈছে৷ পৰীক্ষাৰ দিনা নিৰীক্ষকসকলক সুন্দৰ আদৰণি, মূল্যৱান উপহাৰ, উদৰ পূৰাই এসাজ মাছে-মঙহে খুৱাই ভাল গ্ৰেড পোৱাৰ ক্ষেত্ৰত সকলো অনিয়মত সহযোগ কৰিবলৈ যাতে মেনেজ কৰিব পাৰে তাৰো প্ৰস্তুতি চলাইছে বিদ্যালয়সমূহে৷
এনে পৰিপ্ৰেক্ষিতত শিক্ষাৰ গুণগত মানদণ্ড উন্নয়ন কৰি ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠানসমূহৰ সৰ্বাংগীণ উন্নয়ন সাধিবলৈ চৰকাৰৰ শিক্ষা বিভাগে কোটি কোটি টকা খৰচ কৰি ঢাল ঢোক বজায় ব্যাপকভাৱে আযোজন কৰা গুণোৎসৱে প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰীৰ কেনেধৰণৰ গুণগত মান উন্নয়ন কৰিব তাক লৈ সন্দেহ ব্যক্ত কৰিছে ভিন্নজনে।
The post গুণোৎসৱ নে গ্ৰেডোৎসৱ! শিক্ষাগুৰুৰ বিৰুদ্ধে সন্মান বিক্ৰীৰ অভিযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CQomar
via IFTTT
Comments
Post a Comment