কৃষ্ণাইত চাঞ্চল্যকৰ চুৰি কাণ্ড, বাইকৰ পৰা লুটি লৈ গ’ল ১ লাখ টকা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা৷ মঙলবাৰে কৃষ্ণাইৰ গান্ধী ক্লাৱত দিন দুপৰতে চোৰে বাইকৰ টুলবক্স খুলি লুটি নিলে নগদ ১ লাখ টকাৰ লগতে বহুতো নথি পত্ৰ৷
জানিব পৰা মতে, কৃষ্ণাইৰ নিকটৱৰ্তী পাইকান দ্বিতীয় খণ্ডৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষক মজিৰুদ্দিন আহমেদে কৃষ্ণাই বজাৰস্থিত ষ্টেট বেংকৰ টকাখিনি উলিয়াই বাইকৰ টুল বক্সত ভৰাই থোৱাৰ পাছতে এই চুৰি কাণ্ড সংঘটিত হয়৷ শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, বেংকৰ পৰা ১ লাখ টকা উলিয়াই নিজ এএছ-১৮ডি-৯৫৫০ নম্বৰৰ বাইকেৰে ঘৰলৈ উভতাৰ পথত গান্ধী ক্লাৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাইকখন থৈ তেওঁ মাছ ক্ৰয় কৰিবলৈ যায়। কিন্তু মাছ ক্ৰ. কৰি অহাৰ পিছতে বাইকৰ টুল বক্সটো খোলা থকা থেকি হুৱাদুৱা লাগে। শিক্ষকগৰাকীয়ে জনোৱা মতে বাইকৰ টুল বক্সত তেওঁৰ কেইবাখনো গুৰুত্বপূৰ্ণ নথি আৰু টকাখিনি আছিল।
ইফালে মজিৰুদ্দিন আহমেদে বহু বিচাৰ খোচাৰ কৰিও বাইকখনৰ সন্ধান উলিয়াবলৈ অক্ষম হোৱাত অৱশেষত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে। আনহাতে দিন দুপৰতে কৃষ্ণাইত এনেদৰে চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতো প্ৰশাসনৰ ভূমিকা শূণ্য বুলি ৰাইজে ক্ষোভ উজাৰিছে।
The post কৃষ্ণাইত চাঞ্চল্যকৰ চুৰি কাণ্ড, বাইকৰ পৰা লুটি লৈ গ’ল ১ লাখ টকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OfWdvD
via IFTTT
Comments
Post a Comment