ফেচবুকত আমছু নেতাক হত্যাৰ ভাবুকি

ডিজিটেল ডেস্কঃ ‘‘বোপাই লাফিকুলৰ অৱস্থা মনত আছে নহয়, ইয়াৰ পাছতে তোৰ পাল৷’’- ফেচবুকত এই ধৰণৰ মন্তব্যৰে মুকলি ভাবে হত্যাৰ ভাবুকি প্ৰদান কৰিছে আমছু গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবুল আলী হাজৰিকাক৷ ২০১৭ চনৰ ১ আগষ্ট তাৰিখে এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দিনৰ পোহৰতে হত্যা কৰাৰ পিছত পুনৰ এক প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ এইবাৰ পুনৰ উঠিপৰি লাগিছে দুষ্কৃতিকাৰী৷ ৰুপালী কাশ্যপ নামৰ এক ফেচবুক একাউন্টৰ পৰা টিভি পেপাৰত নিদিয়া খবৰ নামৰ এটি ফেচবুক গ্ৰুপত বাবুল আলী হাজৰিকাক এইদৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে৷ এই সংক্ৰান্তত বাবুল আলী হাজৰিকাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপন তেওঁ জনায় যে, ‘এয়া বিজেপি-আৰএছএছৰ ১৫০০ টকা ভক্তৰহে কাম, এইধৰণৰ দাবী ধমকিৰে প্ৰতিবাদী কণ্ঠ কেতিয়াওঁ ৰোধ কৰিব নোৱাৰে, দেশৰ বাবে জাতিৰ বাবে সদায় ন্যায়ৰ পক্ষত থাকি কাম কৰি  যাম আৰু ইয়াৰ বাবে মৰিবলৈ হ’লেওঁ কোনো আপত্তি নাই৷’ ঘটনা সংক্ৰান্তত ইতিমধ্য হাজৰিকাই দেৰগাওঁ আৰক্ষী থানাত সমগ্ৰ ঘটনাটো অৱগত কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে৷

উক্ত ঘটনা সংক্তান্তত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয় যে, ‘এয়া বিজেপি-আৰএছএছৰ পোহনীয়াৰ গুণ্ডা বাহিনীৰ কাম আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ আৰক্ষী বিভাগে তৎপৰতাৰে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি দোষীক কৰায়ত্ত্ব কৰিব লাগে৷ যদি এইক্ষেত্ৰত আৰক্ষীয়ে তৎপৰতা নেদেখুৱায় বা  নিৰৱতা অৱলম্বন কৰে তেন্তে এই সমগ্ৰ ঘটনাটো চৰকাৰ তথা আৰক্ষীৰ ছত্ৰ-ছায়াতে সংঘটিত হৈ থকা বুলি আমি বাধ্য হম৷’ বুলি মন্তব্য প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে৷ অতিশীঘ্ৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও ভাবুকি প্ৰদান কৰে আমছুৰ সভাপতি গৰাকীয়ে৷

২০১৭ চনত লাফিকুল হত্যাকাণ্ডই সমগ্ৰ ভাৰতবৰ্ষ কপাই যোৱাৰ পিছত এইবাৰ পুনৰ এগৰাকী ছাত্ৰ নেতাক এইধৰণৰ মুকলি হত্যাৰ ভাবুকি দিয়াৰ পিছত চৰকাৰে বা আৰক্ষী প্ৰশাসনে এই সমগ্ৰ ঘটনাটোক কিদৰে গ্ৰহণ কৰে সেয়া হ’ব যথেষ্ট লক্ষণীয়৷

The post ফেচবুকত আমছু নেতাক হত্যাৰ ভাবুকি appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2OUBcf4
via IFTTT

Comments