মন কী বাতঃ ২০১৮ৰ অন্তিমটো খণ্ডত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ডিজিটেল ডেস্কঃ ২০১৪চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি আৰম্ভ কৰা ‘মন কী বাত’ অনুষ্ঠানৰ আজি ২০১৮ৰ অন্তিমটো খণ্ড। ৰেডিঅ’ৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰি আৰম্ভ কৰা এই অনুষ্ঠানৰ জৰিয়তে তেওঁ আগবঢ়াইছে নিজৰ চিন্তা তথা মতামত। এই অনুষ্ঠান আৰম্ভ কৰি ৰাইজৰ মাজত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা বুলি মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাত অনুষ্ঠানত প্ৰথমে উল্লেখ কৰে বেদাংগী কুলকৰ্ণীৰ বিষয়ে। পুণেৰ ২০ বছৰীয়া এইগৰাকী যুৱতী কম সময়ত সমগ্ৰ পৃথিৱী চাইকেলেৰে অতিক্ৰম কৰা ফাছটেষ্ট এছিয়ান ৱ’মেন। ১৫৯দিনত তেওঁ পৃথিৱীখনৰ চাৰিওফাল অতিক্ৰম কৰে চাইকেলেৰে। বেদাংগীয়ে নিতৌ ৩০০ কিঃমিঃ অতিক্ৰম কৰিছিল।

তাৰপাছতেই নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰে কুম্ভ মেলাৰ বিষয়ে। তেওঁ কয়, অহা বৰ্ষৰ ১৫ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ব কুম্ভ মেলা। এই কুম্ভ মেলাত লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিব। সমগ্ৰ বিশ্বৰ পৰা এই মেলাত ভক্ত আহিব আৰু সকলোৰে মাজত একতা আনিব।

ক্ৰীড়া ক্ষেত্ৰতো মন কী বাতত নিজৰ মনৰ কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। মন কী বাতৰ এই খণ্ডত ১৬ বছৰীয়া ৰজনীৰ বিষয়ে কয় তেওঁ। ৰজনীয়ে জুনিয়ৰ নেশ্যনেল ৱ’মেন বক্সিং চেম্পিয়নশ্বীপত সোণৰ পদক লাভ কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে জনায়, যেতিয়া ৰজনীয়ে নিজৰ পিতৃক বক্সিঙৰ বিষয়ে কৈছিল, তেতিয়া নিজ সামৰ্থ অনুযায়ী ৰজনীয় পিতৃয়ে সহায়-সহযোগিতা কৰিছিল। আৰু সেয়ে আজি ৰজনীয় গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই খণ্ডটিত প্ৰধানমন্ত্ৰী ৰজনীক সহায়-সহযোগিতা কৰাৰ বাবে পিতৃ-মাতৃক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে।

The post মন কী বাতঃ ২০১৮ৰ অন্তিমটো খণ্ডত কি ক’লে প্ৰধানমন্ত্ৰীয়ে? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GKYXCB
via IFTTT
Comments
Post a Comment