অন্তৰংগ আলাপেৰে জীপাল হ’ল অসম জাতীয় বিদ্যালয়ৰ চৌহদ

ডিজিটেল ডেস্কঃ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানে দেওবাৰে পাঁচ দিনত ভৰি দিলে। আন কেইদিনৰ সমান্তৰালকৈ দেওবাৰেও অসম জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় কেবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান। পুৱা ৯ বজাত অসম জাতীয় বিদ্যালয় ন্যাস আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ পাছতেই অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান। পৰিৱৰ্তীত সমাজ আৰু যুৱ সমাজৰ দায়ৱদ্ধতা বিষয়ত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকে বহু কেইজন গণ্য-মান্য ব্যক্তি।

আলাপ অনুষ্ঠানত অংশ ল’বৰ বাবে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বিশিষ্ট লেখক তথা যুৱ উদ্যোগী দেবাংগ পল্লৱ শইকীয়া। তেওঁলোকৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় ন্যাসৰ সচিব ড০ নাৰায়ণ শৰ্মা, ৰেক্টৰ ৰঞ্জিত নায়াৰণ ডেকা, অধ্যক্ষ ঘনশ্যাম মেধি, দিলীপ দত্ত চৌধুৰী, নৰেন্দ্ৰ মোহন গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি।

অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লৈ দেবাংগ পল্লৱ শইকীয়াই তেওঁৰ অভিজ্ঞতা সম্বন্ধে আলোকপাত কৰে। কৰ্প’ৰেটৰ চাকৰি এৰি দেবাংগ পল্লৱ শইকীয়াই কেনেধৰণে নিজস্ব চিন্তা তথা পৰিকল্পনাৰে বৰ্তমান সমাজত সৃষ্টিশীল কৰ্মৰ বীজ ৰোপন কৰিছে সেই কথা ব্যক্ত কৰে। উন্নয়নশীল মনৰ অধিকাৰী দেবাংগ পল্লৱ শইকীয়াই তেওঁৰ প্ৰচেষ্টাত শেহতীয়াভাৱে ‘খাৰ খোৱা’ নামেৰে এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি কেনেধৰণে আমাৰ মাটিৰ সৈতে জড়িত অসমীয়া থলুৱা খাদ্যৰ জৰিয়তে ব্যৱসায় কৰিব পাৰি সেই কথা অন্তৰংগ আলাপত ব্যক্ত কৰে। উল্লেখ্য যে, ‘খাৰ খোৱা’ৰ জৰিয়তে ইতিমধ্যে ৰাজ্যৰ বহু যুৱক তথা মহিলাক কৰ্ম সংস্থাপন দিছে তেওঁ।

ইফালে, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও অন্তৰংগ আলাপত অংশ লৈ মানুহৰ উদ্ভাৱণী গুণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। ছাত্ৰ-ছাত্ৰীৰ উদ্বাৱণী গুণৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে, উদ্ভাৱণী গুণে এজন মানুহক বহু ওপৰলৈ লৈ যাব পাৰে। বৰ্তমানৰ প্ৰেক্ষাপটত যিকোনো কৰ্ম সম্পাদন কৰাৰ সময়ত আমাৰ উদ্ভাৱণী তথা শক্তিয়ে সফলতাৰ ক্ষেত্ৰত ভালেখিনি সমল যোগাই বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ কয় যে, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত পূৰ্বৰ যিকোনো এটা কাম আমি কম সময়তে কৰিব পৰা হৈছো। তেওঁ উদাহৰণ হিচাপে চেলুনৰ প্ৰসংগ টানি কয়, পূৰ্বে যিসমূহ চেলুনত আমি চুলি কাটিছিলো, সেই চেলুনসমূহৰ ঠাইত বৰ্তমান সময়ত বিউটি পাৰ্লাৰ তথা তেনে বিলাসী ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে।

অন্তৰংগ আলাপৰ পাছতেই ১১.৪৫ বজাত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনৰ পাছতেই অনুষ্ঠিত হ’ব প্ৰাক্তন শিক্ষাৰ্থী, বৰ্তমানৰ শিক্ষাৰ্থী, বৰ্তমানৰ শিক্ষকবৃন্দ, প্ৰাক্তন শিক্ষকবৃন্দ আৰু বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাৰ সৈতে প্ৰীতি মত-বিনিময় অনুষ্ঠান। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ বৰ্ণিল সাংস্কৃতিক সন্ধ্যা। অসম তথা বহিঃৰাজ্যৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনু্ষ্ঠান পৰিবেশৰ লগতেই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ অন্তত নিশা ৮ বজাত সামৰণি পৰিব দেওবাৰৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ।

The post অন্তৰংগ আলাপেৰে জীপাল হ’ল অসম জাতীয় বিদ্যালয়ৰ চৌহদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RmJEEh
via IFTTT

Comments