গহপুৰৰ ৰজাবাৰী-ওজাবৰাত টাটা ম’বাইল আৰু বাইকৰ সংঘৰ্ষ, নিহত ১জন

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰী-ওজাবৰা পথত কিছু সময়ৰ পূৰ্বে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুত্বৰভাৱে আহত হৈছে। গহপুৰ নগৰৰ পৰা ধেনুধৰা পথেৰে ৰজাবাৰী-মাজিকুছি দিশে তীব্ৰ গতিত গৈ থকা একন টাটা ম’বাইল বাহনে ওজাবৰাত বিপৰীত দিশৰপৰা আহি থকা মটৰ চাইকেল এখনত মুখামুখিকৈ খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত প্ৰায় দহ ফুট ওপৰলৈ হেলমেটসহ ছিটিকি পৰে বাইক আৰোহীজন। হেলমেটতো গছৰ ডালত লাগি ধৰে আৰু লক্ষ্য জিৎ হাজৰিকা নামৰ ছাত্ৰ জন পকাত ওফৰি পৰে। ফলত ঠিতাতে নিহত হয় মাজিকুছি কোঁচ গাঁৱৰ লক্ষ্য জিৎ হাজৰিকা। জানিব পৰা মতে অত্যধিক মদ্যপান কৰি অহা টাটা ম’বাইল খনৰ চালকগৰাকীয়ে নীহাৰিকা বৰা নামৰ যুৱতী এগৰাকীকো খুন্দিয়াই গুৰত্বৰভাবে আহত কৰে। সম্প্ৰতি তেওঁ কেথলিক মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সংঘটিত কৰি পলাই যোৱা টাটা ম’বাইলখন হাৱাজান আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকক গ্ৰেপ্তাৰ কৰিছে।

The post গহপুৰৰ ৰজাবাৰী-ওজাবৰাত টাটা ম’বাইল আৰু বাইকৰ সংঘৰ্ষ, নিহত ১জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZy6RV
via IFTTT

Comments