লোকসভা নিৰ্বাচনত বিজেপিয়ে কেইখন আসন দিব অগপক, ক’লে অতুল বৰাই

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ পাছতে এতিয়া লোকসভাৰ নিৰ্বাচনৰ বাবে সক্ৰিয় হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ। কংগ্ৰেছ, বিজেপি তথা অগপ সকলোৱে বোকা চটিওৱা ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। এই মুহুৰ্তত বিশেষভাৱে চৰ্চিত বিষয়টোৱে হৈছে অগপ-বিজেপিৰ মিত্ৰতা। দেওবাৰে এই বিষয়ত মুখ খুলিছে বিজেপিৰ বিধায়ক অটুল বৰাই।
আগন্তুক লোকসভা নিৰ্বাচনত অগপৰ সৈতে থাকিব লাগিব বিজেপি। অন্যতা বিপৰ্যয়ৰ সন্মুখীন হ’ব বিজেপি। দেওবাৰে এই মন্তব্য কৰে বিজেপি বিধায়ক অতুল বৰাই। সততে বিভিন্ন বিতৰ্কৰে সংবাদ শিৰোনাম দখল কৰা বিধায়কজনৰ নিজ দলক লৈ কৰা এই মন্তব্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ লগতে ইয়াকো কয় যে- লোকসভা নিৰ্বাচনত অগপক দিয়া হ’ব ৩ৰ পৰা ৪খন আসন।
The post লোকসভা নিৰ্বাচনত বিজেপিয়ে কেইখন আসন দিব অগপক, ক’লে অতুল বৰাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ET55GC
via IFTTT
Comments
Post a Comment