এটেনচন স্বাস্থ্য মন্ত্ৰী, আইচিইউত গোৱালপাৰা চিভিল হাস্পতাল!

ডিজিটেল সংবাদ, গোৱালপাৰাঃ প্ৰতাপি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই স্বাস্থ্য খণ্ডত আমোল পৰিবৰ্তণ হোৱা বুলি দাবী কৰি অহাৰ বিপৰীতে নামনি অসমৰ গোৱালপাৰা অসামৰিক চিকিৎসালয়খন সম্প্ৰতি পয়ালগা অৱস্থাৰে কোনো মতে চলি আছে। এক কথাত ক’বলৈ গ’লে স্বয়ং হাস্পতালখনেই এক প্ৰকাৰে ইনটেনচিভ কেয়াৰ ইউনিটত(আই চি ইউ) চলিব লগা হৈছে। নামনি অসমৰ পিছ পৰা জিলা গোৱালপাৰাকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া বঙাইগাঁও, ধুবৰী, বৰপেটা আদি জিলাৰ অংশ বিশেষৰ লগতে মেঘালয় পশ্চিম গাৰোপাহাৰৰ দৰিদ্ৰ সৰ্বসাধাৰণ ৰাইজৰ বাবেও এইখনেই একমাত্ৰ নিৰ্ভৰযোগ্য চৰকাৰী হাস্পতাল।

২০০খন বিছনাযুক্ত এইখন চৰকাৰী হাস্পতালত দৈনিক ৫-৬ শতাধিক ৰোগীয়ে ভিৰ কৰে। কিন্তু চৰকাৰী হাস্পতালখনৰ পয়ালগা অৱস্থাই ৰাইজৰ স্বাস্থ্য আৰু জীৱন ৰক্ষা কৰাত একপ্ৰকাৰে ব্যৰ্থ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে বিভিন্ন ৰোগীৰ ভিৰ বাঢ়ি অহাৰ বিপৰীতে চিকিৎসালয়খনৰ আন্তঃগাঁথনি যথেষ্ঠ দুৰ্বল হোৱা হেতুকে উপযুক্ত চিকিৎসা সেৱাৰ পৰা ৰাইজ বঞ্চিত হ’ব লগা হৈছে। ৰোগী অনুযায়ী চিকিৎসালয়খনত নাই পৰ্যাপ্ত সা-সুবিধা, বিভাগীয় চিকিৎসক আৰু অভিজ্ঞ নাৰ্ছ-চিকিৎসা কৰ্মী। যাৰ ফলত ৰোগীয়ে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাব লগা হৈছে অমূল্য জীৱন।

ইফালে, এনেকি চিকিৎসালয়খনৰ বহিঃবিভাগৰ বিধান কক্ষৰ বাৰাণ্ডাত ৰোগী বহিবলৈও পৰ্যাপ্ত আসন নাই। দিনৰ দিনটো ৰুগীয়া দেহাৰে লাইনত থিয় হৈ দিনৰ ১ বজাৰ পিছত চিকিৎসকক লগ নাপাই বিনা বিধানে ঘৰলৈ ওভতিব লগা হয়। চিকিৎসকৰ পৰা বিধান লৈও অসুবিধাত পৰে ৰোগী আৰু ৰোগীৰ অভিভাৱকসকলে। ঘন্টাৰ পিছত ঘন্টা ঔষধ বিতৰণ কক্ষৰ বাৰাণ্ডাত লানি নিছিগা লাইনত থিয় হৈ থাকিব লাগে।

বিশেষকৈ প্ৰসূতি বিভাগটো কোনো মতে থৰক-বৰক লৈ চলি আছে। পৰিতাপৰ বিষয় যে, যোৱা ২৩ আৰু ২৪ ডিচেম্বৰত ধাৰাবাহিকভাৱে দুজনীকৈ প্ৰসূতিয়ে চিজাৰিয়ান প্ৰসৱৰ পিছতে মৃত্যুক সাৱতি ল’বলগাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিছে। ইয়াৰ পূৰ্বেও চলিত বৰ্ষত উপযুক্ত চিকিৎসাৰ অভাত কেইবাজনো অইন ৰোগীৰ লগতে প্ৰসূতিৰো মৃত্য ঘটিছে চিকিৎসালয়খনত। এইক্ষেত্ৰত চিকিৎসালয়খনত অপাৰেচন বা প্ৰসূতিক চিজাৰিয়ান কৰাৰ পিছত যত্ন ল’বলৈ বিশেষ ইউনিট, পৰ্যাপ্ত চিকিৎসক, অভিজ্ঞ নাৰ্ছ-চিকিৎসা কৰ্মী আৰু অতিব প্ৰয়োজনীয় ‘আই চি ইউ’ৰ ব্যৱস্থা নথকা বাবেই ৰোগী বা প্ৰসূতিসকলৰ মৃত্যু ঘটা বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।

উল্লেখ্য যে চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ এজন চিকিৎসকে দৈনিক ৮ৰ পৰা ১০ জন প্ৰসূতিক চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱাৰ চাঞ্চল্যকৰ তথ্য জানিব পৰা গৈছে। জানিব পৰা মতে, এদিনত ইমান সংখ্যক চিজাৰিয়ান এজন চিকিৎসকে কৰাটো বিপজ্জনক আৰু নীতি-নিয়ম বহিৰ্ভূত। এজন চিকিৎসকে যদি অকল দিনৰ ভাগতে একে লেথাৰিয়েই ইমানবোৰ সংখ্যক চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰাব লগা হয়, তেন্তে সেইগৰাকী চিকিৎসকৰ শেষলৈ চিজাৰিয়ান কক্ষত কি মানসিক স্থিতি হয় সেয়া সহজেই অনুমেয় বুলি ৰাইজৰ মাজত সৰব আলোচনা চলিছে।

চিকিৎসালয়ৰ সূত্ৰ এটিয়ে সদৰি কৰা মতে প্ৰসূতি বিভাগত মাত্ৰ চাৰিজন চিকিৎসক। এই চাৰিজনেই সাল-সলনি কৰি কৰ্তব্য কৰিব লাগে। এই ৪জন চিকিৎসকে কৰ্তব্যৰ সময়ৰ উপৰিও অন কল চিজাৰিয়ানো কৰিব লাগে অতিৰিক্তভাৱে আৰু দুজন অতিৰিক্ত চিকিৎসক আছে। প্ৰয়োজনতহে ডিউটি কৰে। তাৰোপৰি নিশাৰ ভাগত চিজাৰিন নহয় বুলিব পাৰি। কিয়নো এজন নাৰ্ছ আৰু এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীহে ডিউটিত থাকে চিজাৰিয়ান কক্ষত। এই দুজন নাৰ্ছ-কৰ্মচাৰীক লৈ নিশাৰ ভাগত চিজাৰিয়ান কৰাটো অতিকে বিপজ্জনক বুলি চিকিৎসালয়ৰ কেইবাজনো চিকিৎসকে সদৰি কৰিছে। সেইবাবে দিনৰ ভাগতে কৰ্তৱ্যত থকা চিকিৎসকে যুদ্ধকালীনভাৱে চিজাৰিয়ানৰ কাম সম্পূৰ্ণ কৰিব লাগে। সম্প্ৰতি চিকিৎসালয়খনত এজন চিকিৎসকে দৈনিক ৮ৰ পৰা ১০জন প্ৰসূতিক চিজাৰিয়ান কৰিবলৈ বাধ্য হৈ পৰা বুলি নাম প্ৰকাশত অনিচ্ছুক চিকিৎসক এজনে জানিব দিছে। যিটো ভয়ংকৰ কথা।

ইপিনে হাস্পতালখনত বৰ্তমানলৈকে আই চি ইউৰ সুবিধা নথকা বাবে বহু ৰোগীয়ে অনাহকত জীৱন হেৰুৱাব লগা হৈছে বুলি সচেতন ৰাইজৰ লগতে স্বয়ং চিকিৎসকজনেও গুৰুতৰ অভিযোগ তুলিছে। উল্লেখ যোগ্য যে চিকিৎসালয়খনত ২০১৭ বৰ্ষৰ জুন মাহত স্বাস্থ্য বিভাগৰ নেশ্বনেল হেলথ মিছন (এন এইচ এম) প্ৰকল্পৰ অধীনত ৬০.৮৫ লাখ টকা ব্যয় কৰি ৬খন বিছনাযুক্ত ‘আই.চি.ইউ’ কক্ষ স্থাপন কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে ১৯ মাহ অতিক্ৰম কৰাৰ পিছতো স্বাস্থ্য বিভাগৰ চৰম গাফিলতিৰ বাবে আজিলৈ আই চি ইউটো কাৰ্যক্ষম হৈ উঠা নাই। কেবল কক্ষটোহে নিৰ্মাণ কৰি থৈছে।

আই চি ইউৰ যাবতীয় বিছনাপত্ৰকে ধৰি অভিজ্ঞ নাৰ্ছ-চিকিৎসা কৰ্মী আৰু জীৱন দায়িনী উপকৰণসমূহ যোগান ধৰা নাই। জীৱন দায়িনী উপকৰণসমূহৰ নামত মাত্ৰ ৮-১২ লাখ টকা ব্যয় কৰিলেই আই চি ইউটো মুকলি কৰি ৰাইজক সেৱা আগবঢ়াব পৰা যাব বুলি সূত্ৰটোৱে সদৰি কৰিছে। ইপিনে আই চি ইউটো মুকলি নোহোৱাত চিকিৎসকসকলো বিমোৰত পৰিছে। অৱশেষত উপায়হীন হৈ প্ৰসূতি বিভাগৰ চিকিৎসকসকলে চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱা হাইৰিস্ক প্ৰসূতিসকলক পৰ্যবেশন কৰিবলৈ প্ৰসূতি ইউনিটত ১ আৰু ২ নং বিছনা দুখন হাইৰিস্ক বিছনা হিচাপে সংৰক্ষণ কৰি চিকিৎসা সেৱা আগবঢ়াই আছে। কিন্তু সেয়া নামত হে হাইৰিস্ক প্ৰসূতিৰ হাইৰিস্ক বিছনা। বিছনা দুখনৰ বাবে অতিব প্ৰয়োজনীয় দুটা কাৰ্ডিয়েক মণিটৰৰ বাবে আবেদন কৰিও চিকিৎসকলে লাভ কৰা নাই।

তৎসত্বেও স্বাস্থ্য বিভাগ, হাস্পতাল পৰিচালনা সমিতি, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু চিকিৎসালয়ৰ অধীক্ষকজনে আজিলৈ কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়ৰ বহিঃবিভাগত দৈনিক শ শ ৰোগীৰে ঠাহ খাই ভিৰ কৰা প্ৰতিজন ৰোগীৰ পৰা বিধানপত্ৰ আৰু পঞ্জীয়নৰ নামত সংগ্ৰহ কৰা ১০ টকা ক’ত কেনেকৈ ব্যৱহাৰ কৰা হৈছে? নে অধীক্ষক আৰু পৰিচালনা সমিতিয়ে লুটপাত কৰি ভগাই খায় তাক লৈ ৰাইজে প্ৰশ্ন তুলিছে।

The post এটেনচন স্বাস্থ্য মন্ত্ৰী, আইচিইউত গোৱালপাৰা চিভিল হাস্পতাল! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Rr2PNa
via IFTTT

Comments