কাৰ ছবিত সুদীৰ্ঘ ২৫ বছৰ পাছত ৰূপালী পৰ্দাত একেলগে ছলমান-শ্বাহৰুখ?

ডিজিটেল ডেস্কঃ দীপিকা পাডুকন আৰু ৰণবীৰ সিং অভিনীত ছুপাৰহিট ছবি ‘পদ্মাৱত’ৰ পাছত অনুগামীসকলৰ এটাই প্ৰশ্ন যে পৰিচালক সঞ্জয় লীলা ভন্সালীৰ নতুন ছবিখন কি হ’ব। কিন্তু এতিয়া আৰু অপেক্ষা কৰিব নালাগে, কাৰণ এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে। বিশিষ্ট পৰিচালক সঞ্জয় লীলা ভন্সালীৰ আগন্তুক ছবি হ’ব ৯০ দশকৰ ‘সদাগৰ’ৰ ৰিমেক। ৯০ দশকৰ ছুপাৰহিট ছবি সদাগৰৰ ৰিমেকত পৰিচালকগৰাকীয়ে ছলমান খান আৰু শ্বাহৰুখ খানক বাচনি কৰিছে।

উল্লেখ্য যে, এসময়ত ছুপাৰহিট ছবি ‘কৰণ অৰ্জুণ’ত অভিনেতা দুগৰাকীয়ে বহু সফলতা অৰ্জন কৰিছিল। তাৰোপৰি ‘কুছ কুছ হোটা হে’তো দেখা পোৱা গৈছিল দুয়োকে। কিন্তু মাজতে ছলমান খান আৰু শ্বাহৰুখ খানৰ মাজত হোৱা মনোমালিন্যৰ বাবে বিগত কেবাবছৰ ধৰি দুয়োকে একেগলে ৰূপালী পৰ্দাত দেখা পোৱা নাছিল দৰ্শকে।

কিন্তু শেহতীয়াকৈ দুয়োৰে মাজত পুনৰ বন্ধুত্ব স্থাপন হৈছে। শ্বাহৰুখ খানৰ ছবি ‘জিৰ’ত দুয়োকে একেলগে এটা গীতত দেখা পোৱা গ’ল। ছবিখনে বিশেষ উপাৰ্জন কৰিব নোৱাৰিলে যদিও, দৰ্শকৰ আশা পূৰণ হ’ল গীতটোত শ্বাহৰুখ-ছলমানক একেলগে দেখা পায়।
১৯৯১চনত সুভাষ ঘাইৰ ছবি ‘সদাগৰো’ এনে এখন ছবি য’ত দুজন মহান অভিনেতাই এক দীৰ্ঘসময়ৰ পাছত একলগে অভিনয় কৰিছিল। অভিনয় সম্ৰাট দিলীপ কুমাৰ আৰু লেজেণ্ডেৰী অভিনেতা ৰাজকুমাৰৰ শত্ৰুতা কেনেকৈ বন্ধুত্বলৈ ৰূপান্তৰ হয় সেই বিষয়ে দেখুওৱা হৈছিল ছবিখনত। সেয়েহে তাৰ লগত সংগতি থকা ছলমান-শ্বাহৰুখৰ বন্ধুত্বৰ পাছত শত্ৰুতা আকৌ পুনৰ বন্ধুত্ব গঢ় লোৱা বাস্তৱ জীৱনৰ কাহিনীও সদাগৰ ৰিমেকত দেখিবলৈ পোৱা যাব বুলি দৰ্শক আশাবাদী।
The post কাৰ ছবিত সুদীৰ্ঘ ২৫ বছৰ পাছত ৰূপালী পৰ্দাত একেলগে ছলমান-শ্বাহৰুখ? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXqOOd
via IFTTT
Comments
Post a Comment