ৰঙিয়াৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত লোক সাহিত্য-সংস্কৃতি বিষয়ক আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত দেওবাৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ, ৰঙিয়া শাখাৰ সহযোগিতাত অসমৰ জনগোষ্ঠীয় লোক সাহিত্য আৰু লোক সংস্কৃতি বিষয়ক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। ধীৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে উদ্বোধনী ভাষণত অসমৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বিষয়ে ব‍্যাখ‍্যা কৰাৰ লগতে তিনিশ পঞ্চাশ খ্ৰীষ্টাব্দৰ পৰা অসমত ৰাজত্ব কৰা বৰ্মণ বংশ আৰু তেওঁলোকৰ ৰাজত্বকালৰ বিষয়েও বিস্তাৰিত ভাৱে ভাষণ দিয়ে।

সভাখনত অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ উপ সভাপতি মৃণালিনী দেৱী, অখিল ভাৰতীয় সাহিত্য পৰিষদ, ৰঙিয়া শাখাৰ সভাপতি অচ‍্যুৎ কেওট, ৰঙিয়া আলোচনী সভাৰ সভাপতি পবিত্ৰ কুমাৰ কলিতাকে ধৰি ৰঙিয়াৰ বহু গণ‍্য-মান‍্য ব‍্যক্তি উপস্থিত থাকে। সত্ৰৰ প্ৰথম অধিবেশনৰ সঞ্চালনৰ দায়িত্বত থাকে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়া।

আনহাতে, আলোচক হিচাপে থাকে ৰঙিয়া মহাবিদ্যালয়ৰ বড়ো বিভাগৰ বিভাগীয় প্ৰধান ডঃ ফুকন বসুমতাৰী, নিখিল ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিশ্বনাথ ৰাভা, গোৱালপাৰাৰ মধ‍্য ইংৰাজী বিদ‍্যালয়, ধামৰ প্ৰধান শিক্ষক কানু ৰাম হাজং আৰু ডনবস্কো, দামৰাৰ গৱেষক থাৰসুশ কে চাংমা।

The post ৰঙিয়াৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত লোক সাহিত্য-সংস্কৃতি বিষয়ক আলোচনা চক্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZD93Z
via IFTTT

Comments