সমস্যা সমাধানত পিঠি দি অকল ৰাজনীতিতেই ব্যস্ত চৰকাৰঃ প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চৰকাৰৰ প্ৰতি আশাভঙ্গ হৈছে এবছুৰ। ২০১৮ বৰ্ষৰ অন্তিম ক্ষণত এবছুয়ে ঘোষণা কৰিছে চৰকাৰৰ প্ৰতি আশাভঙ্গ হোৱাৰ কথা। চৰকাৰৰ প্ৰতি থকা আস্থা ধুলিস্যাৎ হোৱাৰ তথ্য এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজমুখে প্ৰকাশ কৰি জনসাধাৰণৰ ফালে পিঠি দি চৰকাৰে অকল ৰাজনীতিয়েই কৰি থাকিল বুলি অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় দল বিজেপিয়ে পোণ প্ৰথমবাৰৰ বাবে ২০১৪ চনত বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰিটা বছৰত কোনো সমস্যাৰে সমাধান নহ’ল।
গতানুগতিক ভাৱে গৃহমন্ত্ৰী ৰাজনাথ সিঙ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজনৈতিক আলোচনা হ’ল যদিও ফলাফল শূন্য। অকল ভাৰত-পাকিস্থানৰ সীমান্ত, ভাৰত চীনৰ সমস্যাৰ সলনি ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীৰ সমস্যাও যে সমাধান কৰিব লাগে তাৰ প্ৰতি চৰকাৰে অলপো গুৰুত্ব প্ৰদান নকৰিলে। মাথো ৰাজনীতি, ৰাজনীতি আৰু ৰাজনীতিয়েই কৰি থাকিল চৰকাৰ।এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে।

দেওবাৰে কোকৰাঝাৰ জিলাৰ পাটগাঁৱত এবছুৰ জিলা সভাপতি জনক উজিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা এবছুৰ বাৰ্ষিক অধিবেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই উক্ত মন্তব্য প্ৰকাশ কৰি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। চৰকাৰে ৰাইজৰ আশা পুৰণ নকৰিলে, উন্নয়নৰ প্ৰতিও কোনো গুৰুত্ব নিদি মাথো ৰাজনীতিয়েই কৰি থকা বুলি অভিযোগ কৰি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীক শান্তি, সম্প্ৰতি আৰু নিৰাপত্তাৰে আগবঢ়াই নিবলৈ চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে।
আনহাতে একাংশ সংগঠনে পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰা সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দল সংগঠনে কৰা অহৰহ প্ৰচেষ্ঠাৰ প্ৰতি এবছুয়ে সদায় নৈতিক সমৰ্থন দি আহিছে যদিও দূৰ্ভাগ্যজনকভাৱে অনাবড়ো সংগঠনে বড়োলেণ্ডৰ চাৰিসীমাৰ ভিতৰতে থাকি বড়োলেণ্ডৰ বিৰোধিতা কৰি আহিছে। এয়া নিত্যান্তই দূৰ্ভাগ্যজনক বুলি মন্তব্যৰে শীঘ্ৰে বড়োলেণ্ড সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে তেওঁ।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ পাটগাঁৱত যোৱা ২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এবছুৰ বাৰ্ষিক অধিবেশনৰ অন্তিমদিনা অৰ্থাৎ দেওবাৰে সভাথলী লোকে লোকাৰণ্য হৈ পৰে। জিলা এবছুৰ সভাপতি জনক উজিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ উপৰিও ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, ইউএন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বানেশ্বৰ বসুমতাৰী, বিটিচিৰ নিৰ্বাচিত সদস্য ক্ৰমে জিৰন বসুমতাৰী, জ্যোতিৰেন্দ্ৰ ব্ৰহ্মকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
The post সমস্যা সমাধানত পিঠি দি অকল ৰাজনীতিতেই ব্যস্ত চৰকাৰঃ প্ৰমোদ বড়ো appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2s2qdlU
via IFTTT
Comments
Post a Comment