ধনশিৰিত চাৰিদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় ২৭তম বৌদ্ধ মহাযান সম্মিলন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ মৰাজন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনত ২৯ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী, ২০১৯লৈ চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সৰ্বভাৰতীয় বৌদ্ধ মহাযান সংঘৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছে। উল্লেখ্য যে, পূৰ্ব্বাঞ্চল মহাযান বৌদ্ধ সংঘৰ সৌজন্যত অনুষ্ঠিত অধিবেশনখনত ভাৰত আৰু ভূটানৰ বৌদ্ধ ধৰ্মৰ ধৰ্মগুৰুসকল উপস্থিত থাকি বিশ্ব শান্তিৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব।

ইফালে, উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভূটানৰ ধুল্কু লহবাং দৰ্জে, ড° জাঙচুক লপচন, অধক্ষ্য অখিল ভাৰতীয় মহাযান বৌদ্ধ সংঘ প্ৰধান সচিব লপেন চাংগে, আচাৰ্য কৰুণা শাস্ত্ৰী, প্ৰমুখ ধৰ্মগুৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰডহুদ মিচন, কে বি পাখৰিন অধ্যক্ষ তামাং সাহিত্য সভা, অসম, বিজয় দং, সচিব, তামাং সাহিত্য সভা অসম, প্ৰেম তামাং সভাপতি অসম গোৰ্খা ছাত্ৰ সন্থা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সভাপতি-সম্পাদকে জনায়।

The post ধনশিৰিত চাৰিদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় ২৭তম বৌদ্ধ মহাযান সম্মিলন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GMwjky
via IFTTT

Comments