‘মোৰ কাষত কান্দি কান্দি নহয়, কাৰোবাক মাৰি পেলালেহে আহিবা’- কাৰ মন্তব্য? VIDEO

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ জোনপুৰস্থিত বীৰ বাহাদুৰ সিং পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজা ৰাম যাদৱে কৰে এক বিতৰ্কিত মন্তব্য। গাজীপুৰত বিশ্ববিদ্যালয়খনৰ এখন সভাত ৰাজা ৰাম যাদৱে কৰে এই বিস্ফোৰক মন্তব্য। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয়- ‘মোৰ কাষলৈ কান্দি কান্দি নাহিবা। কাৰোবাৰ মাৰি পেলোৱাৰ পাছত আহিবা, আমি বাকী চাই ল’ম।’
দৰাচলতে, উপাচাৰ্য ৰাজা ৰাম যাদৱে গাজীপুৰত সত্যদেৱ কলেজ চৌহদত সত্যদেৱ ডিগ্ৰী গলেজ আৰু ডাঃ ৰাম মনোহৰ লোহিয়া ডিগ্ৰী কলেজৰ এক সভাত অংশ লয়। এই সভাত অংশ লোৱাৰ পাছত তেওঁ কয়- ‘যদি আপোনালোক পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ ছাত্ৰ হয়, তেন্তে কান্দি কান্দি মোৰ কাষলৈ নাহিবা। এটা কথা স্পষ্টভাৱে কৈ দিও। যদি কাৰোবাৰ লগত সংঘৰ্ষ হয়, তেন্তে প্ৰহাৰ কৰিহে আহিবা।’ তাৰ পাছত তেওঁ কয়- ‘যদি সেই সময়ত তুমি বিচৰা তেন্তে মাৰিয়েই পেলাবা, তাৰপাছত আমি চাই ল’ম।’ চাওঁক ভিডিঅ’-
#WATCH Purvanchal University Vice-Chancellor Raja Ram Yadav at a seminar in the University in Ghazipur: If you’re a student of this University, never come crying to me. If you ever get into a fight, beat them, if possible murder them, we’ll take care of it later. (29.12.18) pic.twitter.com/omFqXN55z9
— ANI UP (@ANINewsUP) December 30, 2018
The post ‘মোৰ কাষত কান্দি কান্দি নহয়, কাৰোবাক মাৰি পেলালেহে আহিবা’- কাৰ মন্তব্য? VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZSRwC
via IFTTT
Comments
Post a Comment