আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত ৰাজনৈতিক দলসমূহৰ

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰণনীতিৰ প্ৰস্তুতি চলাইছে বিভিন্ন ৰাজনৈতিক দলসমূহে। শনিবাৰে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। নতুন দিল্লীৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকখনত লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে মুখ্যমন্ত্ৰীজনে।
তৃণমূল পৰ্যায়ৰ পৰা দলটোৰ সদস্যসকলক একগোট কৰি নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক নিৰ্দেশ দিয়ে অমিত শ্বাহে। এই বৈঠকতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়। ইফালে, বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ১০ আৰু ১১ অক্টোবৰত মাজুলীৰ অনুষ্ঠিত হ’ব এই কাৰ্যনিৰ্বাহক।
ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে এই কাৰ্যনিৰ্বাহকত বহু কেইজন বিজেপিৰ ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব। ৰাষ্ট্ৰীয় দলটোক গোট পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ উদ্দেশ্যৰে ৰাজ্যখনত ১ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ গোটৰ শক্তিৰ পৰ্যালোচনা অনুষ্ঠিত কৰাৰ কথাও সভাত সিদ্ধান্ত লোৱা হয়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাও এই বৈঠকখনত উপস্থিত থাকে। নিৰ্বাচনৰ কুচকাৱাজৰ লগতে এই বৈঠকত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে আলোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰতিনিধি বৰ্গই।
The post আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত ৰাজনৈতিক দলসমূহৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ip2SlY
via IFTTT
Comments
Post a Comment