অসম চৰকাৰৰ অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱাৰ দ্বাৰা অভিশপ্ত নাওঁ দুৰ্ঘটনাৰ উদ্ধাৰকাৰীসকলক সম্বৰ্ধনা জ্ঞাপন
ডিজিটেল ডেস্ক, চাংসাৰিঃ চলিত মাহৰ প্ৰথম সপ্তাহৰ ৫ তাৰিখে অভিশপ্ত ভুটভুটি দুৰ্ঘটনাৰ সাক্ষী , অদম্য সাহস আৰু মানৱীয় গুণৰে ভৰা আছিল দুৰ্ঘটনাগ্ৰস্ত একাংশক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা উদ্ধাৰকাৰীসকল । আজি ২৯ ছেপ্তেম্বৰ শনিবাৰে অসম চৰকাৰৰ অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱাৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ প্ৰশিক্ষণ কেন্দ্ৰত অভিশপ্ত নাওঁ দুৰ্ঘটনাৰ সেই অদম্য সাহসী উদ্ধাৰকাৰী সকলক সম্বৰ্ধনা জনোৱা হয়। এই সকলেই উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড পাৰঘাটৰ দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰী সকলক উদ্ধাৰ কৰাৰ সময়ত অদম্য, সাহস, বিচক্ষণতাৰ পৰিচয় দিয়াৰ লগতে নিজৰ জীৱনকো নেওচা দি বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। সম্বৰ্ধনা অনুষ্ঠানত অদম্য সাহসী উদ্ধাৰকাৰী পুলক দাস, জয়ন্ত দাস আৰু ভাৰত বৰাক তেওঁলোকৰ মহান সেৱা বাবে সন্মানিত কৰা হয়। সভাত অসম চৰকাৰৰ অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱাৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই উপস্থিত থাকি সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰে। সঞ্চালক গৰাকীয়ে এই তিনিগৰাকী ব্যক্তিৰ উপৰিও আন যিসকল ব্যক্তিয়ে উদ্ধাৰ অভিযানত অংশ ললে সেইসকল ব্যক্তিলৈয়ো ধন্যবাদ জ্ঞাপন কৰে। আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ পৰবৰ্তী সময়ত অগ্নি আপাত সেৱাৰ মক ড্ৰীলৰো আয়োজন কৰা হয়।
The post অসম চৰকাৰৰ অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱাৰ দ্বাৰা অভিশপ্ত নাওঁ দুৰ্ঘটনাৰ উদ্ধাৰকাৰীসকলক সম্বৰ্ধনা জ্ঞাপন appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2NeXVwY
via IFTTT

Comments
Post a Comment