গান্ধী জয়ন্তীত মুক্তি পাব ‘মণিকৰ্ণিকা’ৰ ট্ৰেইলাৰ

ডিজিটেল ডেস্কঃ ঐতিহাসিক পটভূমিত নিৰ্মিত বলিউদ ছবি ‘মণিকৰ্ণিকা’। বহু প্ৰত্যাহ্বানৰ মাজেৰে ছবিখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সৰ্ম্পূণ। ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাব অহা ২ অক্টোবৰত ।

ছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই ছবিখনৰ পৰিচালকে ছবিখন পৰিচালনা কৰিবলৈ অমান্তি হোৱাত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কংগনা ৰানাৱটে ছবিখনৰ পৰিচালনাৰ দায়িত্ব মূৰ পাতি লৈছিল।

যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে সৰ্ম্পূণ কৰা ছবিখনক লৈ উৎসাহী অভিনেত্ৰী কংগনা। ছবিখনৰ শ্বুটিঙত বহুবাৰ গুৰুতৰভাৱে আঘাত পাইও থমকি নোৰোৱা কংগনাৰ মতে ‘ ছবিখনৰ নিৰ্মাণত মোৰ তেজ,আত্মা,বিবেক সকলো লগাইছো,পাৰ্যমানে কষ্ট কৰিছো কাৰণ মই লক্ষ্মীবাই দেশৰ জীয়ৰী।’ উল্লেখ্য যে, ছবিখন ২০১৯ত আহিব দেশৰ ছবিঘৰলৈ।

The post গান্ধী জয়ন্তীত মুক্তি পাব ‘মণিকৰ্ণিকা’ৰ ট্ৰেইলাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zDvTaz
via IFTTT

Comments